danewsplus.com
danewsplus.com

বন্ধন বেংকৰ মুঠ ব্যৱসায় ১.৯৬ লাখ কোটি টকালৈ বৃদ্ধি

0 335

ডিজিটেল ডেস্ক : ২০২১-২২ বিত্তীয় বৰ্ষৰ অন্তিমটো ত্ৰিমাত্ৰিক সময়ছোৱাৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে বন্ধন বেংকে ৷ব্যৱসায় বিকাশৰ বাবে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা বিভিন্ন আচঁনিৰ ফলত বেংকৰ মুঠ ব্যৱসায় বাৰ্ষিক ১৮.৬ শতাংশ বৃদ্ধি হৈ ১.৯৬ লাখ কোটি টকা হৈছেগৈ।ভাৰতৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৫৬৩৯ টা শাখাৰ জৰিয়তে ২.৬৩ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে বন্ধন বেংকে ৷সম্প্ৰতি বেংক প্ৰতিষ্ঠানটোত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছেগৈ ৬০,২১১ গৰাকী ৷ চলিত বিত্তীয় বৰ্ষৰ চতুৰ্থটো ত্ৰৈমাত্ৰিকত বেংকৰ মুঠ জমা ২৪ শতাংশ বৃদ্ধি হৈ ৯৬,৩৩১ কোটি টকা হয়গৈ ৷এই সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যৱাহী বিষয়া চন্দ্ৰশেষৰ ঘোষে কয় যে বিগত বিত্তীয় বৰ্ষৰ চতুৰ্থটো ত্ৰৈমাত্ৰিকত বেংকে আশাপ্ৰদ ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ইয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিব ৷

Leave A Reply

Your email address will not be published.