danewsplus.com
danewsplus.com

এগৰাকী দুগৰাকী নহয়, ৩৭গৰাকীক বিয়া পাতিলে এজন ব্যক্তিয়ে?

0 49

ডিজিটেল ডেস্কঃ বিয়া পাতি অভিলেখ গঢ়িব বিচৰা এগৰাকী ব্যক্তি৷ ৰজা-মহাৰজাৰ দৰে তেওঁৰো আছে বহু পত্নী৷ আপুনি-মই আঙুলিৰ মূৰত হিচাপ কৰিব নোৱাৰা তেওঁৰ পত্নীৰ সংখ্যা ৷ বয়সত হাৰ নমনা কোন এই ব্যক্তি?

বিয়া পাতি অভিলেখ গঢ়িব বিচৰা এজন ব্যক্তি
১,২,৩… নহয়, আঙুলিৰ মূৰত গণিব নোৱাৰা কইনাৰ সংখ্যা
এগৰাকী দুগৰাকী নহয়, ৩৭গৰাকীক বিয়া পাতিলে তেওঁ


আনন্দ-উল্লাহৰ মাজত আপোনপাহৰা সকলো ৷ এজন ব্যক্তিৰ কেওকাষে কেৱল ছোৱালী, ছোৱালী আৰু ছোৱালী ৷ ব্যক্তিজনক মাজত বহুৱাই সকলোৱে কৰিছে আনন্দ ৷ কাৰণ, তেওঁৰ আজি বিয়া৷
দুজনী ছোৱালীয়ে মানুহজনৰ দুহাতত ধৰি লৈ আহিছে কইনাৰ ওচৰলৈ৷ হাত চাপৰি বজাই বজাই কইনাৰ ওচৰলে আগবাঢ়িছে দৰাঘৰীয়া৷ বিয়া পাতি অভিলেখ গঢ়িব বিচৰা এইজন ব্যক্তিৰ ঘৰ আৰবত৷
বৰ্তমানে তেওঁৰ জীৱিত পত্নীৰ সংখ্যা ২৮গৰাকী
লোকজনৰ আছে ১৩৫টা সন্তান
নাতি-নাতিনীৰ সংখ্যা হ’ল ১২৬গৰাকী

পৌৰাণিক যুগত ৰজাসকলে এজনী দুজনী নহয়, বহুতৰে লগত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আমি কিতাপত পঢ়িছো৷ কিন্তু আধুনিক যুগত ইমানবোৰ পত্নী থকাটো সঁচাকৈ এক অদ্ভুত কথা৷ এইজন ব্যক্তি কোনো দেশৰ বা ৰাজ্যৰ ৰজা নহয়৷ যি সময়ত এখন বিয়া পাতিবৰ বাবে আপুনি মই দহবাৰ ভাবিব লাগে, ঠিক সেই সময়তে এইজন ব্যক্তিয়ে বিয়া পাতি গঢ়িব বিচাৰিছে অভিলেখ৷ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতেই বেছ সমাদৰ লাভ কৰিছে৷ বয়সত হাৰ নমনা এই আৰৱিক ব্যক্তিগৰাকীয়ে অভিলেখ গঢ়াৰ লক্ষ্যৰে আৰু কিমানৰ লগত বিবাহপাশত আবদ্ধ হয় সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷

Leave A Reply

Your email address will not be published.