danewsplus.com
danewsplus.com

কি বিশেষত্বৰে প্ৰস্তুত কৰা হৈছে অসম আৰক্ষীয়ে লাভ কৰা ৰাষ্ট্ৰপতিৰ নিচান?

0 105

ডিজিটেল ডেস্কঃ অসম আৰক্ষীক গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিলে ৰাষ্ট্ৰপতিৰ নিচান। নেহৰু ষ্টেডিয়ামত অসম আৰক্ষীৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয় অসম আৰক্ষীৰ এই বিশেষ সন্মান। ৰাষ্ট্ৰপতিৰ নিচানত ৩৬টা তৰা সন্নিবিষ্ট অসমৰ মানচিত্ৰ।

মানচিত্ৰত থকা ৩৬টা তৰাই সুচাইছে অসমৰ জিলাসমূহ। নিচানত সন্নিবিষ্ট আছে গঁড় আৰু অসম আৰক্ষীৰ ল’গ’।
IIT গুৱাহাটীয়ে প্ৰস্তুত কৰিছে এই নিচানৰ আৰ্হি। আধ্যাত্মিকভাৱে সম্পন্ন ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কাৰ্যসূচী। উপস্থিত থাকে বৰদোৱা, গড়মূৰ, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ।

ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা অসম হ’ল দশমখন ৰাজ্য। অনুষ্ঠানত গৃহমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। DGP ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে অনুষ্ঠানত। নেহৰু ষ্টেডিয়ামৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘অসম আৰক্ষীৰ ১৫০ বছৰীয়া ইতিহাসত আজি গৌৰৱময় দিন’।

‘আৰক্ষীয়ে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ স্বীকৃতি ৰাষ্ট্ৰপতিৰ নিচান। উগ্ৰপন্থীৰ লগত আৰক্ষীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। উগ্ৰপন্থীৰে শান্তি চুক্তি স্বাক্ষৰেৰে নতুন পৰিৱেশ সৃষ্টি হৈছে। অপৰাধমুক্ত অসম গঢ়িবলৈ আৰক্ষীয়ে অভিযান চলাই আহিছে। প্ৰতিজন দৰিদ্ৰ লোকক সন্মান কৰা আৰক্ষী লাগে আমাক।

‘ৰিক্সা চালকক লাঠীৰে প্ৰহাৰ কৰা আৰক্ষী আমাক নালাগে। মা-ভণ্টিয়ে যাতে ৰাতি নিৰাপদে ঘূৰিব পাৰে তেনে আৰক্ষী লাগে। এনেকুৱা আৰক্ষী লাগে যাতে সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে। বিশেষ ভূমিকা লৈ অসমক ড্ৰাগ্ছমুক্ত কৰিবলৈ সক্ষম আৰক্ষী। অপৰাধ আৰু অপৰাধীৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। শোষিত, নিষ্পেষিত লোকক ন্যায় দিব পৰাটোৱে প্ৰধান লক্ষ্য।’

Leave A Reply

Your email address will not be published.