danewsplus.com
danewsplus.com

ইংলেণ্ডৰ বাৰ্মিংহামত ৰঙালী বিহুৰ ৰং-আনন্দ

0 148

ডিজিটেল ডেস্কঃ বিহুৰ কথা জানো অসমীয়াই পাহৰিব পাৰে? পৃথিৱীৰ য’তেই নাথাকক, ৰঙালী বিহুত এপাক নাচিবলৈ সকলোৰে হেঁপাহ জাগে ৷ ইংলেণ্ডৰ বাৰ্মিংহামত প্ৰবাসী অসমীয়াসকলে ধুমধামেৰে উদযাপন কৰিলে ৰঙালী বিহু ৷ ইংলেণ্ডৰ বাহিৰত থকা ভালেমান অসমীয়া লোকো উপস্থিত থাকিল বিহুৰ এই অনুষ্ঠানত৷ পৰিৱেশন কৰা হ’ল বিহু নাচ ৷ উপস্থিত সকলোৱে নাচিলে এপাক ৷ পৰিৱেশন কৰা হ’ল পৰম্পৰাগত নানা অসমীয়া খাদ্য৷ বাৰ্মিংহামত পোনপ্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰা হৈছিল ১৯৮৭ চনত ৷ তাৰ পিছৰে পৰা প্ৰতিবছৰে নহ’লেও দুই-তিনি বছৰৰ মূৰে মূৰে প্ৰবাসী অসমীয়াসকলে পালন কৰি আহিছে বিহু ৷

Leave A Reply

Your email address will not be published.