danewsplus.com
danewsplus.com

তিনিদিনীয়া কাৰ্যসূচীৰে ইউৰোপলৈ যাত্ৰা প্ৰধানমন্ত্ৰীৰ

0 106

ডিজিটেল ডেস্কঃ আজি তিনিদিনীয়া কাৰ্যসূচীৰে ইউৰোপলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ মোদীয়ে ভ্ৰমণ কৰিব জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্স ৷ তিনিওখন দেশৰ শীৰ্ষ নেতৃবৰ্গৰে আলোচনাত মিলিত হ’ব মোদী ৷ ইয়াৰ উপৰি আন কেইখনমান দেশৰ নেতৃবৰ্গৰেও মোদী আলোচনাত মিলিত হোৱাৰ কথা৷ বাৰ্লিন আৰু কোপেনহেগেনত মোদীয়ে প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও কথা-বতৰা হ’ব৷ ব্যৱসায় জগতৰ ভালেসংখ্যক মুৰব্বীৰ সৈতেও এই ভ্ৰমণত মোদী আলোচনাত মিলিত হ’ব৷ চলিত বছৰত এয়া মোদীৰ প্ৰথম বিদেশ ভ্ৰমণ ৷

Leave A Reply

Your email address will not be published.