danewsplus.com
danewsplus.com

প্ৰেমত পৰিছিল উদ্যোগপতি ৰতন টাটা, কিন্তু কিয় নহ’ল বিয়া ?

0 447

ডিজিটেল ডেস্কঃ প্ৰেমত পৰিছিল উদ্যোগপতি ৰতন টাটাই। প্ৰেয়সীৰ সৈতে বিয়া হোৱাৰ কথা ভাবিছিল টাটাই। অৱশ্যে সেয়া সফল হোৱা নাছিল সেই সম্পৰ্কৰ বিচ্ছেদ হৈছিল। কিন্তু কিয় বিফল হৈছিল সম্পৰ্ক জানেনে? আঁৰত আছে এটা বিশেষ কাহিনী। বিচ্ছেদৰ মূল কাৰণ আছিল ১৯৬২ চনৰ ইণ্ডো-চাইনা যুদ্ধ। কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক সম্পূৰ্ণ কৰাৰ পিছত ৰতন টাটাই বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ভাবিছিল। উদ্যোগপতিজনে জনোৱা অনুসৰি, “তেওঁ কলেজৰ পিছত লছ এঞ্জেলছৰ এটা প্ৰতিষ্ঠানত দুবছৰ কাম কৰিছিল। এইটো এটা ভাল সময় আছিল।প্ৰতিষ্ঠানতেই এগৰাকী আমেৰিকান যুৱতীৰ সৈতে প্ৰথম প্ৰেমত পৰিছিল টাটাই।

আৰু প্ৰায় বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা ভাবিছিল। কিন্তু একে সময়তে অস্থায়ীভাৱে ভাৰতলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰতন টাটাই। কাৰণ তেওঁৰ আইতাক ৭ বছৰ ধৰি অসুখত ভুগি আছিল। প্ৰেয়সী গৰাকীয়েও ভাৰতলৈ আহিব খুজিছিল,কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক আহিবলৈ দিয়া নাছিল আৰু তেতিয়াৰে পৰা তেওঁলোকৰ সম্পৰ্কৰ বিচ্ছেদ ঘটে।”

Leave A Reply

Your email address will not be published.