danewsplus.com
danewsplus.com

সন্তান হেৰাইছে,মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে

0 93

ডিজিটেল ডেস্কঃ উজনি-নামনিত বহু যুৱক-যুৱতীয়ে আলফালৈ যোৱাৰ বাতৰি ওলোৱাৰ সময়তে এগৰাকী মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে পুত্ৰৰ বাবে ৷ আলফালৈ যোৱাৰ পথত পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছত শোকত ভাগি পৰিছে এগৰাকী মাতৃ ৷ শিৱসাগৰৰ খনামুখৰ অতি ভিতৰুৱা অঞ্চল ডিমৰুগুৰিৰ ৰাজেশ গগৈ নামৰ যুৱকজন সোণাৰীত গ্ৰেপ্তাৰ হোৱাৰ পিছতে হাহাকাৰ লাগে ঘৰখনত ৷
উজনি-নামনিৰ বহুতৰ ঘৰতেই এতিয়া এই পৰিৱেশ ৷ বহুসংখ্যক যুৱক-যুৱতী আলফা (স্বাঃ)লৈ বুলি গমন কৰিছে ৷ ইয়াৰ মাজতে বাইহাটাৰ মুক্তাপুৰৰ সঞ্জীৱ শৰ্মাৰ এটাৰ পিছত আনটো ভিডিঅ’ আহিছে সংবাদ মাধ্যমলৈ ৷ আৰক্ষীৰ চোৰাংচোৱা হৈ আলফা (স্বাঃ)ৰ ওপৰত নজৰ ৰখা বহুতৰ নাম আলফা (স্বাঃ)-এ প্ৰকাশ কৰিছে৷ কিন্তু ইয়াৰে বহুকেইজনে আৰক্ষীৰে সম্পৰ্ক নাই বুলিও মন্তব্য কৰিছে ৷ এয়া যিয়েই নহওক, পুনৰ নব্বৈ দশকৰ পৰিৱেশ অসমলৈ ঘূৰি অহাৰো শংকা প্ৰকাশ কৰিছে বিভিন্নজনে ৷

Leave A Reply

Your email address will not be published.