danewsplus.com
danewsplus.com

নগাঁৱৰ ধিঙৰ ধিং টাউন প্ৰাথমিক বিদ্যালয়ত ‘ৰাইজৰ উৎসৱ’

0 376

ডিজিটেল ডেস্ক: ৰাইজৰ লগত বিদ্যালয়ৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ধিঙত ৰাইজৰ উৎসৱ উদযাপন ।ৰাইজৰ লগত ক্ৰমাৎ যেন চৰকাৰী বিদ্যালয়ৰ সম্পৰ্ক হ্ৰাস পাইছে , ৰাইজ আৰু চৰকাৰী বিদ্যালয়ৰ মাজত সৃষ্টি হোৱা ব্যৱধান ওচৰ চপাই অনাৰ লক্ষ্যৰে ধিঙত উদযাপন কৰা হৈছে ৰাইজৰ উৎসৱ ।শিক্ষা বিভাগৰ উদ্যোগত আৰু বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ সহযোগত ধিং টাউন প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাইজৰ উৎসৱ।

পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই উৎসৱত ধিঙৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা লগতে শোভাযাত্ৰা, প্ৰদৰ্শনীতো ভাগ লয়।

Leave A Reply

Your email address will not be published.