danewsplus.com
danewsplus.com

“জীৱনৰ শেষৰ দিনকেইটা অসমৰ উন্নয়নৰ বাবে চেষ্টা কৰিম” – ৰতন টাটা

0 275

ডিজিটেল ডেস্ক: কি বুলি ধন্যৱাদ জনাম তোমাক ৰতন টাটা?

বৃহস্পতিবাৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী্ আহিল। কৰ্কট চিকিৎসালয়ৰ উদ্বোধন আৰু আধাৰশিলা কৰিলে৷ এয়া অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, দক্ষিণ এছিয়াৰ বাবেও এক নতুন অধ্যায়৷ কৰ্কট ৰোগৰ সুলভ চিকিৎসাৰ বাবে এই পদক্ষেপ৷ চৰকাৰৰ সহযোগ আছে, দায়িত্ব আছে৷ গতিকে আগবাঢ়ি আহিছে৷

কিন্তু ইয়াৰ আঁৰত থকা মানুহজন হৈছে উদ্যোগপতি ৰতন টাটা৷ মঞ্চৰ একাষত বহি আছে উদ্যোগপতি ৰতন টাটা৷ এই ৰতন টাটাৰ বাবেই আজিৰ এই বিশাল আয়োজন৷

টাটা ট্ৰাষ্টৰ সহযোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত ১৭খন চিকিৎসালয়ৰ সৈতে দক্ষিণ এছিয়াৰ একক সৰ্ববৃহৎ সুলভ কৰ্কট ৰোগজনিত সেৱাৰ নেটৱৰ্ক গঢ়ি উঠিল৷ উদাৰচিত্তে ৰতন টাটাই টাটা ট্ৰাষ্টৰ জৰিয়তে আগবঢ়ালে সহযোগিতা৷ কৰ্কট চিকিৎসালয় উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠানত থাকিল অশীতিপৰ ৰতন টাটা৷

হিন্দী অসুবিধাৰ বাবে ইংৰাজীতে ভাষণ দিলে টাটাই৷ উদ্যোগপতিজনে ভাষণত ক’লে “অসমৰ বাবে এয়া ঐতিহাসিক দিন।অসমত উপলবদ্ধ হ’ব কৰ্কট ৰোগৰ উচ্চ প্ৰযুক্তিৰ চিকিৎসা। এতিয়াৰে পৰা কৰ্কট ৰোগীসকলে উপযুক্ত চিকিৎসা পাব।“

এনে পৰিকল্পনাৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিলে ৰতন টাটাই৷ এই দিনটোত অসমে পৃথিৱীক বাৰ্তা দিলে ভাৰতৰ এখন সৰু ৰাজ্য হৈয়ো অসমে এতিয়া কৰ্কট ৰোগৰ সৈতে যুঁজ দিব৷ অসমে বহুদূৰ আগুৱাই যাব৷ অন্তৰৰ পৰা অসমৰ উত্তৰোত্তৰ কামনা কৰিলে উদ্যোগপতি ৰতন টাটাই৷

শেষত ক’লে, ‘জীৱনৰ শেষান্তৰৰ দিনকেইটা অসমৰ উন্নয়নৰ বাবে চেষ্টা কৰিম। বিশেষ দিনটোৰ বাবে ধন্যৱাদ ।’

অসমৰ কৰ্কট চিকিৎসালয়ৰ বাবে অত্যাধুনিক যন্ত্ৰপাতিসহ টাটা ট্ৰাষ্টে আগবঢ়াইছে ৮৩০ কোটি টকা৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত স্থাপন হ’ব মুঠ ১৭খন কৰ্কট চিকিৎসালয়৷ ৰতন টাটাৰ বাবেই এয়া সম্ভৱ হ’ল৷

Leave A Reply

Your email address will not be published.