danewsplus.com
danewsplus.com

আজি নিশাৰ পৰাই ধাৰাসাৰ বৰষুণত ডুবিব ৰাজ্য!

0 322

ডিজিটেল ডেস্কঃ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই ৰাজ্যত বতৰে বিধি পথালি দি আহিছে।বতৰৰ ভয়ংকৰ ৰূপে অনিষ্ট কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে।

খবৰ অনুসৰি আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰ আগজাননী । গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।
কেৱল গুৱাহাটীতে নহয় উজনি, নামনি ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি নিশাৰ পৰাই ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে।

Leave A Reply

Your email address will not be published.