danewsplus.com
danewsplus.com

কি কি কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী?

0 299

ডিজিটেল ডেস্কঃ আজি দিনজোৰা কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী, কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত সম্বোধন কৰিব জনসভা।
কাৰ্বি আংলঙৰ লৰিংথেপিত অংশ ল’ব প্ৰথমখন জনসভাত। প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ৩খন মহাবিদ্যালয়ৰ আধাৰশিলা। কাৰ্বি আংলংঙত পশু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা
পশ্চিম কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা। পশ্চিম কাৰ্বি আংলঙত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰো আধাৰশিলা। কাৰ্বি আংলঙৰ পিছত ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী
বিয়লি ডিব্ৰুগড়ৰ খনিকৰ পথাৰত সম্বোধন কৰিব জনসভা। AMCHৰ পৰা উদ্বোধন কৰিব ৭খন কৰ্কট চিকিৎসা কেন্দ্ৰ
উদ্বোধন কৰিব ডিব্ৰুগড়, বৰপেটা, তেজপুৰৰ কৰ্কট চিকিৎসা কেন্দ্ৰ। উদ্বোধন কৰিব যোৰহাট, দৰঙৰ কৰ্কট চিকিৎসা কেন্দ্ৰ উদ্বোধন।
কোকৰাঝাৰ, লখিমপুৰৰো কৰ্কট চিকিৎসা কেন্দ্ৰ কৰিব উদ্বোধন। আধাৰশিলা স্থাপন কৰিব ৭খন জিলাৰ কৰ্কট চিকিৎসা কেন্দ্ৰৰ। জিলাকেইখন গোৱালপাৰা, ধুবুৰী, নগাঁও, গোলাঘাট, শিৱসাগৰ
তিনিচুকীয়া, নলবাৰীৰো কৰ্কট চিকিৎসা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। ডিব্ৰুগড়ৰ সভাত উপস্থিত থাকিব উদ্যোগপতি ৰতন টাটা। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে দুয়োখন জিলাত স্থানীয় বন্ধ ঘোষণা
বন্ধ থাকিব জিলা দুখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান।

Leave A Reply

Your email address will not be published.