danewsplus.com
danewsplus.com

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিলে ৰিয়ান পৰাগে

0 365

ডিজিটেল ডেস্কঃ IPLত খেলি আছে এজনেই অসম সন্তানে৷ কেইবাখনো খেলত বেটত ৰান নহাত দাবী উঠিছিল তেওঁক দলৰ পৰা বাদ দিবলৈ৷ কিন্তু ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্ট তেওঁৰ ওপৰত ধাৰাবাহিকভাৱে আস্থা প্ৰদৰ্শন কৰিছিল৷ সেই আস্থাৰ প্ৰতি যোগ্য সঁহাৰি জনোৱাত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে কেৱল গুঞ্জৰিত হৈছিল এটাই নাম- ৰিয়ান… ৰিয়ান.. ৰিয়ান…৷

সমালোচকক যোগ্য প্ৰত্যুত্তৰ ৰিয়ান পৰাগৰ
IPLত উজলি উঠিল ৰিয়ান পৰাগ
ৰিয়ানৰ দুৰ্দান্ত বেটিঙৰ সহায়ত ৰাজস্থান ৰয়েলছৰ জয়
৩১টা বলত অপৰাজিত ৫৬ ৰান ৰিয়ানৰ
৪টা ছিক্সাৰ, ৩টা বাউণ্ডেৰীৰে ৰিয়ানে সজালে ইনিংছ

চলিত IPLত ৰাজস্থান ৰয়েলছৰ হৈ একেৰাহে ৭খন খেল খেলাৰ সুবিধা পায়ো সুযোগৰ সদ্ব্যৱহাৰ কৰিব পৰা নাছিল ৰিয়ান পৰাগে৷ ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ ফলত সমালোচনাৰে সৰৱ হৈছিল কেইবাগৰাকী ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে কিয় খেলাই আছে বুজি পোৱা নাই বুলিও মন্তব্য কৰিছিল সঞ্জয় মঞ্জৰেকাৰে৷

সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত IPLত জিলিকি উঠিল অসম সন্তান ৰিয়ান৷ পূৰ্বৰ খেলসমূহত বেটিঙৰ বেছি সুবিধা নোপোৱা ৰিয়ানক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে ৬ নম্বৰ স্থানত বেটিঙৰ সুবিধা দিলে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ছেমছন আৰু প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই৷ সেই সময়ত দলৰ অৱস্থাও যথেষ্ট থৰক-বৰক আছিল৷ তেতিয়াই ৰাজস্থান ৰয়েলছৰ বাবে ত্ৰাণকৰ্তা ৰূপে উজলি উঠি পিটছত ধুমুহাৰ সৃষ্টি কৰে ৰিয়ানে৷

RCBৰ আন্তঃৰাষ্ট্ৰীয় বলাৰক প্ৰত্যাহ্বান অসম সন্তানৰ
৪টা কেটছ ধৰিও খেলখনত উজলি উঠিছিল ৰিয়ান
খেলখনৰ ‘Player of the Match’ৰ সন্মান ৰিয়ানলৈ
ৰিয়ানে লাভ কৰে ‘Super Striker of the Match’ সন্মান
‘Most Valuable Asset’ আৰু ‘Most Sixes’ সন্মানো ৰিয়ানলৈ

খেলখনত ৪টাকৈ দৰ্শনীয় কেটছ ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৰিয়ানে৷ বিশেষকৈ বিৰাট কোহলীৰ কেটছ ধৰি সকলোৰে প্ৰশংসা লাভ কৰিছে ৰিয়ানে৷ ৰিয়ানৰ এই প্ৰদৰ্শনৰ পিছত স্বাভাৱিকতে তেওঁৰ খেলৰ সমালোচকৰ মুখ বন্ধ হৈছে৷ পৰৱৰ্তী খেলসমূহতো দলত স্থান নিগাজী কৰাৰ লগতে IPLত এজন সফল ফিনিচাৰৰূপে উজলি উঠিবলৈ ৰিয়ানে দেখা সপোন বাস্তৱায়িত হওক৷ অসমৰ ক্ৰিকেটপ্ৰেমীৰ এইটোৱে এতিয়া কামনা৷

Leave A Reply

Your email address will not be published.