danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰী আহিলেই কেনেকৈ এফালৰ পৰা উন্নয়নৰ সোঁত বয় অসমত? পঢ়ক ভালকৈ

0 303

ডিজিটেল ডেস্কঃ আহি আছে প্ৰধানমন্ত্ৰী
কাৰ্বি আংলং-ডিব্ৰুগড়ত ব্যস্ত মন্ত্ৰী-বিধায়ক, প্ৰশাসন
এটা ৰাতি বাকী থকা অৱস্থাত তুংগত প্ৰস্তুতি

এয়া ডিব্ৰুগড়৷ দলে দলে শ্ৰমিকে কৰি আছে কাম৷ ব্যস্ত আৰক্ষী৷ ট্ৰাকে ট্ৰাকে অনা হৈছে সামগ্ৰী৷ ব্লক পাৰি নিৰ্মাণ কৰা হৈছে পথ৷ বোকাময় পথাৰত মাটি পেলাই প্ৰস্তুত কৰা হৈছে সভাস্থলী৷

সকলো সময়তে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে উচ্চপদস্থ বিষয়াবৰ্গই৷ ডিব্ৰুগড়ত এই স্থানৰ পৰাই ৭খনকৈ কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইতিমধ্যে কৰ্কট চিকিৎসালয় উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱাল, মন্ত্ৰী কেশৱ মহন্তই প্ৰস্তুতিৰ বুজ লয় বুধবাৰে৷ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে৷

ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাং সিঙেও পৰ্যবেক্ষণ কৰি আছে সকলো পৰিৱেশ৷

ডিব্ৰুগড়ত উদ্বোধন হ’বলগীয়া নৱনিৰ্মীত কৰ্কট চিকিৎসালয়ৰ পথো ৰং-বিৰঙী হল্ডিঙেৰে সজাই তোলা হৈছে৷

টিংখাঙৰ ৩ হাজাৰ নাচনীয়ে বিহু নৃত্যৰে আদৰিব প্ৰধানমন্ত্ৰীক৷ মন্ত্ৰী বিমল বৰাই তদাৰক কৰিছে এই অনুষ্ঠানৰ৷ পূৰ্ণগতিত চলি আছে বিহুৰ আখৰা৷

ইফালে প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ আনিবৰ বাবে শ শ বাছ অধিগ্ৰহণ কৰিছে প্ৰশাসনে৷ শ শ বাছ শাৰী শাৰীকৈ ৰখা হৈছে টিংখাঙৰ ৰাজপথত৷

ইফালে ডিব্ৰুগড়ৰ লগতে কাৰ্বি আংলঙতো ব্যাপক ব্যস্ততা৷ হেলিপেট নিৰ্মাণৰ পৰা মণ্ডপ মঞ্চ নিৰ্মাণলৈ সকলোতে দেখা গ’ল যুদ্ধকালীন তৎপৰতা৷ হল্ডিঙেৰে সজোৱা হ’ল সভালৈ যোৱা পথ৷ কাৰ্বি আংলঙৰ লৰিংথেপিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী৷

বৃহস্পতিবাৰৰ কাৰ্যসূচীক লৈ ব্যস্ত হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ৷ ৬ বিদ্ৰোহী সংগঠনৰ শান্তিচুক্তিৰ আধাৰত ৰূপায়ণ কৰা বিভিন্ন আঁচনি উদ্বোধন কৰিবলৈ কাৰ্বি পাহাৰলৈ আহিব প্ৰধানমন্ত্ৰী৷ প্ৰস্তুতি পৰ্যবেক্ষণ কৰি আছে মন্ত্ৰী পীয়ূষ হাজৰিকা৷

মুঠতে প্ৰধানমন্ত্ৰীৰ আগমনলৈ এটা নিশা বাকী থকা অৱস্থাত মন্ত্ৰী-বিধায়ক, প্ৰশাসন সকলো নামি পৰিছে প্ৰস্তুতি পৰ্বত৷

Leave A Reply

Your email address will not be published.