danewsplus.com
danewsplus.com

ভূটানতো জনপ্ৰিয়তা অৰ্জন অসম কৃষি বিশ্ববিদ্যালয়ৰ

0 292

ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাষ্ট্ৰ ভূটান চৰকাৰৰ কনছুল জেনেৰেল জিগমে থিনলে নামগিয়ালে আজি যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত বিশ্ববিদ্যালয়ৰ দায়িত্ববাহী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত উচ্চস্তৰীয় পৰ্যালোচনাটোত বিদেশী ৰাষ্ট্ৰপ্ৰতিনিধিজনে সহযোগিতাৰে কৰ্ম সম্পাদনৰ ওপৰত আগ্ৰহ প্ৰকাশ কৰি বিস্তৃত আলোচনাত মিলিত হয় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত বিশেষ বৈঠকত এই দিশত সকলো দিশ বিবেচনাৰ কৰি বুজাবুজি চুক্তিৰ জৰিয়তে কৃষিৰ সামগ্ৰিক ব্যৱস্থাপনাৰ ওপৰত কাম কৰিব বুলি আশা প্ৰকাশ কৰে । বিদেশী ৰাষ্ট্ৰপ্ৰতিনিধিজনে মূলত কৃষি, উদ্যান শস্য, পশুধন আৰু চাহ খেতিৰ দিশত বিশেষভাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে আমদানি আৰু ৰপ্তানিৰ জৰিয়তে ব্যৱসায়িক সম্প্ৰসাৰণৰ ওপৰতো আশা ব্যক্ত কৰে ।

কাৰিকৰী দিশত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সহযোগিতা কামনা কৰি জিগমে থিনলে নামগিয়ালে জৈৱিক কৃষিৰ জৰিয়তে ভূটানৰ কৃষি অৰ্থনীতিৰ ৰূপান্তৰ ঘটোৱাৰ লগতে কৃষি পৰিবেশ পৰ্যটনৰ দিশতো সহযোগিতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

মূলত পৰ্যটনক বিশেষ প্ৰাধান্য দি প্ৰাকৃতিকভাবে লাভজনক ব্যৱস্থাৱলী গঢ় দি এক ৰোডমেপ তৈয়াৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত ভাইচ কনছুল জেনেৰেল মিষ্টাৰ ফুৰপা শ্যেৰিঙয়ে বক্তব্য ৰাখি লাভজনক প্ৰকল্প, নিয়োগ ব্যৱস্থাপনা তথা ছাত্ৰ ছাত্ৰীক শৈক্ষিক নামভৰ্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কৃষি অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি তথা জীৱননিৰ্বাহশৈলীৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাইয়ে আঁতধৰা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা , সামুহিক বিজ্ঞানগুৰু ড° ৰুমা ভট্টাচাৰ্য , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক ,ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা ,উত্তৰ পূৱ জৈৱপ্ৰযুক্তি কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মা ,সহযোগী কৃষি গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া , যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাস ,নীতিহাবৰ সঞ্চালক ড° দানিছ তামুলীয়ে বক্তব্য ৰাখি কৃষি আৰু ইয়াৰ অনুষংগিক দিশত বিশ্ববিদ্যালয়ৰ জৰিয়তে সহায় সহযোগ আগবঢ়াব পৰা যাব বুলি আশা প্ৰকাশ কৰে ।

ইয়াৰ পাছত ৰাষ্ট্ৰপ্ৰতিনিধিজনে বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন গৱেষণামূলক প্ৰকল্পসমুহৰ লগতে বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উষ্মায়ক কেন্দ্ৰ( নীতিহাব) পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে আৰু এই প্ৰকল্পলৈ ভূটানৰ শিক্ষাৰ্থী তথা এই দিশৰ লগত জড়িতসকলক পঠাবৰ বাবে বুজাবুজি চুক্তি কৰিব বুলি আশা প্ৰকাশ কৰে ।

Leave A Reply

Your email address will not be published.