danewsplus.com
danewsplus.com

জ্যেষ্ঠ সাংবাদিক অভিজিত হাজৰিকালৈ সংবাদ সেৱা বঁটা

0 373

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক অভিজিত হাজৰিকালৈ কল্যাণী শিশু কল্যাণ কেন্দ্ৰই
সংবাদ সেৱা বঁটা আগবঢ়াইছে। উত্তৰ যোৰহাটৰ কল্যাণী শিশু কল্যাণ কেন্দ্ৰৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে এক বিশেষ অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচা, চেলেঙ আৰু নগদ ধনৰ টোপোলা।

কল্যাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী টুটুমণি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি সাংবাদিক গৰাকীয়ে কয় যে, নীৰৱে নিজৰ কাম বুলি সংবাদ বুটলি গৈছো। মোৰ এই কামক যে কোনোবাই লক্ষ কৰি আছে সেয়া ভবাই নাছিলো। মোক এই সন্মান যাচি আপোনালোকে মোক অধিক ভালদৰে কাম কৰিবলৈ দায়বদ্ধ কৰি তুলিলে। এই দিশত অহা সময়বোৰত মই নিষ্ঠাৰে কাম কৰিবলৈ চেষ্টা কৰিম।

এই অনুষ্ঠানতে সাংবাদিকগৰাকীৰ লগতে যোৰহাট জ্যোতিপুৰৰ ৰেণু দত্তক মঞ্জু দত্ত সোঁৱৰণী চতুৰ্থ বাৰ্ষিক আদৰ্শ মাতৃ বঁটা প্ৰদান কৰা হয়। বঁটাপ্ৰাপক ৰেণু দত্তয়ো নিজৰ অনুভৱ ব্যক্ত কৰে। সভাত যোৰহাটৰ স্বেচ্চাসেৱী সংগঠন সেৱাৰ সভাপতি হেমেন কুমাৰ শইকীয়াই অভিজিত হাজৰিকাৰ আৰু বাহনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মাইনু শইকীয়া ৰেণু দত্তৰ সম্পৰ্কত আলোকপাত কৰে।

শিশু কল্যাণ কেদ্ৰৰ মুখ্য ব্যৱস্থাপক বুধিন শইকীয়াই কেন্দ্ৰৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰা সভাৰ আঁত ধৰে দীপিকা দত্তই। সভাত শিক্ষক ডিম্বেশ্বৰ বৰা,শিশু কল্যান কেন্দ্ৰৰ সভাপতি নিযুত কুমাৰ দত্ত, সেৱাৰ সম্পাদক ৰাজীৱ কুমাৰ নাজিৰ, কল্যাণী নাৰী কল্যাণ সমিতিৰ সভানেত্ৰী মৃণালী দত্ত,সম্পাদিকা পূৰ্বালী শইকীয়া প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে। ইয়াৰ আগতে বাৰ দিনীয়াকৈ অনুষ্ঠিত বিহুৰ কৰ্মশালাত অংশ গ্ৰহণ কৰা সকলে অনুষ্ঠান প্ৰদৰ্শন কৰে। কৰ্মশালাত বিতোপন শইকীয়াই ঢোল আৰু পিংকি দত্তই নাচৰ সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.