danewsplus.com
danewsplus.com

৬৫ বছৰীয়া শহুৰেকৰ কামনাৰ বলি ২৩ বছৰীয়া বোৱাৰী,ক’ত সংঘটিত হ’ল এই ঘটনা?

0 441

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দামোহ জিলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী ২৩ বছৰীয়া মহিলাই ৬৫ বছৰীয়া শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে৷ ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি বিবাহৰ পিছৰ পৰাই তেওঁৰ শহুৰেকে তেওঁক শাৰীৰিক ভাৱে অপদস্থ কৰিছিল । তদুপৰি অভিযুক্ত শহুৰেকে কেইবাবাৰো ধৰ্ষণ কৰিছিল নিজৰ বোৱাৰীয়েকক।
ভুক্তভোগী মহিলাগৰাকীয়ে শহুৰেকৰ এনে অপকৰ্মৰ বিষয়ে স্বামীক জনাইছিল যদিও মহিলা গৰাকীৰ কথা গুৰুত্ব দিয়া নাছিল স্বামীয়ে।
অৱশেষত উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপি শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত শহুৰেকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আনহাতে ভুক্তভোগীৰ স্বামী পলাতক হৈ আছে।

Leave A Reply

Your email address will not be published.