danewsplus.com
danewsplus.com

মাৰাঠী নৱবৰ্ষৰ প্ৰথমটো দিন,মহাৰাষ্ট্ৰত উলহ-মালহেৰে উদযাপন ‘গুড়ী পড়ৱা’

0 142

ডিজিটেল ডেস্ক: আজি মাৰাঠী নৱবৰ্ষৰ প্ৰথমটো দিন ৷ মহাৰাষ্ট্ৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে গুড়ী পৰ্ৱা৷ চ’ত মাহৰ শুক্ল প্ৰতিপদ তিথিত মাৰাঠীসকলে উদযাপন কৰে এই উৎসৱ ৷

গুড়ী শব্দৰ অৰ্থ বিজয়ধ্বজা ৷ মাৰাঠীসকলৰ বিশ্বাস ভগৱান শ্ৰীৰামে বান্দৰৰ ৰজা বালীৰ অত্যাচাৰী শাসনৰ পৰা এই দিনটোতে প্ৰজাক মুক্ত কৰিছিল৷ বালীৰ সন্ত্ৰাসৰ পৰা মুক্ত হৈ প্ৰজাসকলে বিজয় পতাকা উৰুৱাইছিল বুলি এক লোক বিশ্বাস আছে ৷ আজিৰ দিনটোত মাৰাঠী লোকসকলে ঘৰৰ চোতালত বিজয় পতাকা উৰুৱাই উদযাপন কৰে এই বিশেষ দিনটো ৷

Leave A Reply

Your email address will not be published.