danewsplus.com
danewsplus.com

জয় হ’ব ৰিপুণ বৰা, পৃথক পৃথক দাবী কংগ্ৰেছ-AIUDFৰ

0 76

ডিজিটেল ডেস্কঃ মনে-প্ৰাণে AIUDFক কাহানিও ভাল পাব নোৱাৰে কংগ্ৰেছে ৷ সেই কথা পুনৰ প্ৰমাণ হ’ল মঙলবাৰে সন্ধিয়া ৷ সকলো সংঘাত এটা বেয়া সপোন বুলি ভাবি ৰাজ্যসভা নিৰ্বাচনত একেলগে যুঁজ দিয়াৰ বাবে পুনৰ একত্ৰিত হোৱাৰ প্ৰদৰ্শন বিৰোধীৰ ৷

অন্তৰৰ মিলন ভাগিল
চকুৰ মিলনতেই আশাবাদী বিৰোধী শিবিৰ
বিৰোধী ঐক্য ভাঙিলেও আশা এৰা নাই ৰাজ্যসভা দখলৰ
জয় হ’ব ৰিপুণ বৰা, পৃথক পৃথক দাবী কংগ্ৰেছ-AIUDFৰ

ৰাজ্যসভাৰ দ্বিতীয়খন আসন দখল কৰাৰ স্বাৰ্থত নিত্যনতুন টুইষ্ট আৰম্ভ হৈছে বিৰোধী শিবিৰত ৷ মঙলবাৰে নিশা কংগ্ৰেছ-AIUDFৰ মিলনত পুনৰ সংঘটিত হৈছিল অথন্তৰ ৷ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ ৷
কিন্তু ৰাজনীতিত যেন সকলো সম্ভৱ ৷ দুয়োপক্ষৰ মাজত গালি-গালাজৰ অন্ত পৰাই নাই, তাৰ মাজতে সংবাদমেল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ AICCৰ নেতাক কাষত বহুৱাই অখিল গগৈৰ সহিতে কংগ্ৰেছৰ ২৬গৰাকী বিধায়কক লগত লৈ বিৰোধী দলপতিৰ ঘোষণা-

আমি ঐক্যবদ্ধ
সকলো বিৰোধীয়ে ভোট দিব ৰিপুণ বৰাক
৪৩জন বিৰোধী বিধায়কৰ স্বাক্ষৰ গ্ৰহণ কৰি প্ৰাৰ্থিত্ব লৈছে বৰাই


একেই আহ্বান ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈৰো ৷ সকলো বিৰোধী বিধায়কে একেলগে বিৰোধী প্ৰাৰ্থীক ভোট দিব বুলি আশাবাদী বিধায়ক অখিল গগৈৰ ৷

ৰাজনৈতিকভাৱে কিম্বা আদৰ্শগতভাৱে AIUDFৰ লগত কংগ্ৰেছৰ মতপাৰ্থক্য আছে যদিও ৰাজ্যসভা নিৰ্বাচনৰ যুঁজখনক নতুন নাম দিছে বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাই ৷ ৰিপুণ বৰাৰ মতে, এই নিৰ্বাচন হ’ব

ধৰ্মনিৰপেক্ষতা বনাম সাম্প্ৰদায়িকতাবাদ
এই যুঁজ হ’ব সংবিধান ৰক্ষাৰ

এই যুঁজত সকলো বিৰোধী বিধায়ক একগোট হ’ব বুলি আশাবাদী প্ৰাৰ্থী ৰিপুণ বৰাৰ ৷
অনহাতে কংগ্ৰেছৰ সৈতে মুকলি সংঘাত হ’লেও বিৰোধী প্ৰাৰ্থীক ভোট দিবলৈ সাজু আছে AIUDF ৷ ৰিপুণ বৰাক AIUDFৰ ১৫গৰাকী বিধায়কে ভোট দিব বুলি প্ৰতিশ্ৰুতি দিলে বিধায়ক আমিনুল ইছলামে ৷
মুঠতে অন্তৰৰ মিল নহ’লেও এই পৰ্যন্ত ৰিপুণ বৰাৰ প্ৰতি আস্থাভাজন হৈ থকা দেখা গৈছে বিৰোধী পক্ষ৷ কিন্তু সংবাদ মাধ্যমত প্ৰদৰ্শন কৰা এই আস্থাই ভোটৰ ৰূপ ল’বনে সেয়া স্পষ্ট হ’ব ৩১ মাৰ্চৰ সন্ধিয়া ৬ বজাত ৷

Leave A Reply

Your email address will not be published.