danewsplus.com
danewsplus.com

কেনেকৈ হেডফোনেই কাল হ’ল চামগুৰিৰ এগৰাকী যুৱতীৰ ?

0 434

ডিজিটেল ডেস্কঃ চামগুৰিত পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নগাঁও জিলাৰ চামগুৰিত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী যুৱতীয়ে।কাণত হেডফোন লগাই প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ থাকোতেই ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱাই যুৱতীগৰাকীয়ে।

জানিব পৰা মতে,কাৰ্বি আংলঙৰ হাওৰাঘাটৰ নিৱাসী মেঘনাই চামগুৰিৰ আউনিআটি সত্ৰত থকা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ অহা মেঘনা বৰাই মঙলবাৰে পুৱা শিলঘাট-নগাঁও ৰে’লপথৰ কাষেৰে প্ৰাত:ভ্ৰমণলৈ ওলাই আহিছিল।বিপৰীত দিশৰ পৰা অহা এখন ৰে’ল যুৱতীগৰাকীৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। যাৰ ফলত থিতাতে মৃত্যু ঘটে মেঘনা বৰাৰ ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মেঘনা বৰাৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, কাণত হেডফোন লগাই থোৱাৰ বাবে ৰেল অহাৰ উমান পোৱা নাছিল মেঘনাই। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চামগুৰিত শোকৰ ছাঁ পৰে।

Leave A Reply

Your email address will not be published.