danewsplus.com
danewsplus.com

ফাইলতে আবদ্ধ হৈ থাকিল স্মাৰ্ট চিটীৰ প্ৰকল্পৰ কাম

0 288

ডিজিটেল ডেস্কঃ ফাইলতে আবদ্ধ হৈ থাকিল স্মাৰ্ট চিটীৰ প্ৰকল্পৰ কাম ৷ গুৱাহাটী উন্নয়ন বিভাগৰ স্থায়ী সমিতিৰ প্ৰতিবেদনত ওলাইছে বিস্ফোৰক তথ্য ৷ স্মাৰ্ট চিটী প্ৰকল্পৰ নামত অহা ধন বেংকত জমা থৈ সুত লয় স্মাৰ্ট চিটী কৰ্তৃপক্ষই ৷

বগা হাতীত পৰিণত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড
উন্নয়নৰ নামত ৬ বছৰত এটকাও নহ’ল ব্যয়

গুৱাহাটী উন্নয়ন বিভাগৰ স্থায়ী কমিটীৰ প্ৰতিবেদনত উন্মোচিত বিস্ফোৰক তথ্য
৬টা বছৰে এটকাও খৰচ নকৰিলে স্মাৰ্ট চিটীৰ নামত
স্মাৰ্ট চিটীৰ নামত অহা ধন বেংকত জমা থৈ সুত লয় কৰ্তৃপক্ষই
৫ বছৰত সুত পালে ১০৩ কোটি টকা
প্ৰায় ৬ বছৰত ১০জন সঞ্চালক বদলি স্মাৰ্ট চিটীৰ

গুৱাহাটী উন্নয়নৰ বাবদ ৬ বছৰত এটকাও খৰছ নকৰিলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে।
গুৱাহাটী উন্নয়ন বিভাগৰ স্থায়ী কমিটিৰ প্ৰতিবেদনত উন্মোচিত হৈছে স্মাৰ্ট চিটিৰ ফোপোলা স্বৰূপ।
গুৱাহাটী মহানগৰক দেশৰ আনবোৰ লেখত লবলগীয়া চহৰৰ তুলনাত জাকত-জিলিকা কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ হৈছিল গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প ৷ স্মাৰ্ট চিটি প্ৰকল্পৰ অন্যতম হিচাপে বিবেচিত হৈছিল টুইন টাৱাৰ, এক্সপ্ৰেছ হাইৱে’, দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন, স্মাৰ্ট ট্ৰেফিক কন্ট্ৰল, স্মাৰ্ট চিটি লাইটিং আদি ৷ পাছে গুৱাহাটী চহৰ খনক ন-ৰূপ দিয়াৰ নামত ঘোষনা কৰা আটাইকেইটা প্ৰকল্পৰ কামেই ফাইলতে আবদ্ধ ৷
৬টা বছৰে এটকাও খৰছ নকৰিলে স্মাৰ্ট চিটিৰ নামত ৷
স্মাৰ্ট চিটিৰ নামত অহা ধন বেংকত জমা থৈ সোদ লয় স্মাৰ্ট চিটি কৰ্তৃপক্ষই

৫ বছৰত সুদ পালে ১০৩ কোটিৰ
কামৰ নামত স্মাৰ্ট চিটি কৰ্তৃপক্ষই মাথো সঞ্চালক বদলি কৰিহে থাকিল ৷
প্ৰায় ৬ বছৰত ১০ জন সঞ্চালক বদলি স্মাৰ্ট চিটিৰ ৷

যাৰবাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী উন্নয়ন বিভাগৰ স্থায়ী সমিটিখনে ৷ বিধানসভাৰ বাজেট অধিৱেশনত দাখিল কৰা প্ৰতিবেদনৰ যোগেদি সমিটি খনে স্মাৰ্ট চিটি কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ দৃষ্টি গোচৰ কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইফালে এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী শিবিৰেও ৷ স্মাৰ্ট চিটি প্ৰকল্পক মোংগেৰিলাল কি হছিন স্বপ্ন আখ্যা দিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে
পাছে স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত গুৱাহাটী উন্নয়ন বিভাগৰ স্থায়ী সমিটিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে কিদৰে গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব ৷

Leave A Reply

Your email address will not be published.