danewsplus.com
danewsplus.com

কি চলিছে মন্ত্ৰী ৰঞ্জিত দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ?

0 87

ডিজিটেল ডেস্কঃ বিভাগীয় পত্ৰই উত্তাল কৰিলে সদন। প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্যত হেঙাৰ হৈছে নেকি মন্ত্ৰী ৰঞ্জিত দাস। গৃহ আৱণ্টন নামত বৈষম্যৰ অভিযোগ বিৰোধীৰ। সুদুত্তৰ নাপাই সদন ত্যাগ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ। প্ৰত্যেক ভাৰতীয়ৰেই হওক এটা ঘৰ ৷ এই লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যাপক প্ৰচাৰেৰ আৰম্ভ কৰিছিল এক আঁচনি ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ সপোনৰ এই আঁচনি কিদৰে কাৰ্যক্ষম হৈছে অসমত? বিধানসভাৰ সদনতে ওলাল প্ৰকৃত স্বৰূপ।
ঘৰ আৱণ্টনৰ নামত হৈছে বৈষম্য
সংখ্যালঘু বসতিপ্ৰধান জিলাত কৰ্তন হৈছে আৱণ্টিত ঘৰ

এই অভিযোগ বিৰোধী বিধায়কৰ ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হৈ সতীৰ্থ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ লগতে কেইবাটাও বিস্ফোৰক অভিযোগ ৷

ধুবুৰী, দক্ষিণ শালমাৰা, বৰপেটাত কৰ্তন হৈছে আৱণ্টিত গৃহ
বৰপেটাত ৪৮ হাজাৰ, দক্ষিণ শালমাৰাত ১৬ হাজাৰ, ধুবুৰীত ৩১ হাজাৰ
আৱণ্টিত গৃহ হৈছে কৰ্তন

আৰু এই গৃহ কৰ্তন কৰাৰ নিৰ্দেশ গৈছে দিছপুৰৰ পৰা ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মতে, চলিত বৰ্ষৰ ১৫ মাৰ্চত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই সংশ্লিষ্ট জিলা বিষয়া আৰু প্ৰজেক্ট অফিচাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ৷ যি পত্ৰৰ জৰিয়তে বিভাগৰ আয়ুক্তই আৱণ্টিত গৃহসমূহৰ গৰাকীৰ নাম পঞ্জীয়ন নকৰিবলৈ জাৰি কৰিছে নিৰ্দেশ ৷ যাক লৈ ক্ষোভিত বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷
ইয়াক লৈ সদনত বিভাগীয় মন্ত্ৰীক বিধায়কগৰাকীয়ে বাৰে বাৰে প্ৰশ্ন কৰিছিল যদিও মন্ত্ৰীৰ পৰা সুদুত্তৰ নোপোৱাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ ৷ লগে লগে সদনত সৃষ্টি হয় এক হূলস্থূলীয়া পৰিৱেশ ৷ ক্ষোভিত প্ৰশ্নকৰ্তা বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ অৱশেষত ক্ষোভিত হৈ সুদুত্তৰ নোপোৱাৰ অভিযোগত প্ৰতিবাদ কৰি সদন ত্যাগ কৰে বিধায়ক শিকদাৰে৷
এতিয়া প্ৰশ্ন হ’ল সংখ্যালঘু লোক হোৱা বাবেই আৱণ্টিত গৃহ কৰ্তন কৰাৰ চেষ্টা চলাইছে নেকি ৰাজ্য চৰকাৰে ৷ যদি এয়াই সঁচা হয় তেনেহ’লে প্ৰধানমন্ত্ৰীৰ সপোন কিদৰে পূৰণ কৰিব ৰাজ্য চৰকাৰে?

Leave A Reply

Your email address will not be published.