danewsplus.com
danewsplus.com

গুৱাহাটীত পুনৰ চলিছে বৃক্ষ উচ্ছেদ অভিযান

0 380

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ চলিছে বৃক্ষ উচ্ছেদ অভিযান ৷ ফ্লাই অভাৰ নিৰ্মাণৰ বাবে জু-ৰোড তিনিআলিক বৃক্ষশূন্য কৰাক লৈ সৃষ্টি তীব্ৰ প্ৰতিবাদৰ পিছতো গা-নলৰিল চৰকাৰৰ ৷ এইবাৰ লখৰা-বেলতলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ বাবে কাটি পেলোৱা হৈছে সহস্ৰাধিক গছ ৷

গুৱাহাটীৰ জু-ৰোড তিনিআলিৰ পিছত এইবাৰ লখৰা-বেলতলা
পথ বহল কৰাৰ নামত উচ্ছেদ হ’ব ২ সহস্ৰাধিক বৃক্ষ
ইতিমধ্যেই কাটি পেলোৱা হ’ল ১৫০০ৰো অধিক গছ
পাৰিপাৰ্শ্বিক দুৰ্যোগৰ আশংকা মহানগৰীত


এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে গুৱাহাটীৰ জু-ৰোড তিনিআলিক কৰি পেলোৱা হৈছিল বৃক্ষশূন্য এলেকা ৷ কাটি পেলোৱা হৈছিল প্ৰায় ৩ শতাধিক বৃহৎ গছ ৷ এইবাৰ গুৱাহাটীৰ দক্ষিণপ্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ বৃক্ষশূন্য কৰি পেলোৱাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত চলিছে এক বৃহৎ অভিযান৷ এই ক্ষেত্ৰত চৰকাৰৰ অজুহাত ৬লেনযুক্ত কৰি বহল কৰা হ’ব ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ইতিমধ্যেই এই উদ্দেশ্যে খানাপাৰাৰ পৰা লখৰালৈ কাটি বগৰোৱা হ’ল প্ৰায় ১৫০০ৰো অধিক বৃহৎ বৃক্ষ৷ অনাগত দিনত কাটি পেলোৱা হ’ব আন সহস্ৰাধিক গছ৷ চৰকাৰৰ এই কাৰ্যৰ প্ৰতিবাদত এতিয়া জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন দল-সংগঠন ৷
গুৱাহাটীৰ যানজঁটৰ সমস্যা সমাধানৰ বাবে খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৪ৰ পৰা ৬ লেনযুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এক আঁচনি লৈছে ৷ এই আঁচনিৰ অধীনত পথ বহল কৰাৰ বাবে কাটি পেলোৱা হ’ল গছসমূহ ৷ কিন্তু প্ৰদূষিত গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই গছসমূহ কাটি পেলোৱাৰ ফলত এক নেতিবাচক প্ৰভাৱ পৰাতো নিশ্চিত ৷

ইতিমধ্যে গুৱাহাটীত আন কেইবাখনো ফ্লাইঅভাৰ নিৰ্মাণৰ আঁচনি লোৱা হৈছে ৷ এই আঁচনিসমূহৰ অধীনতো পথ বহল কৰাৰ নামত উচ্ছেদিত হ’ব ভালেসংখ্যক গছ ৷ বিকল্পৰ কথা নভবাকৈ উন্নয়নৰ নামত চৰকাৰৰ এনেবোৰ প্ৰয়াসে গুৱাহাটীক হয়তো এক পাৰিপাৰ্শ্বিক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়াৰ আশংকা নুই কৰিব নোৱাৰি ৷

Leave A Reply

Your email address will not be published.