danewsplus.com
danewsplus.com

টেঙা নেমুৰ চহকী কথা, বিধানসভাত নেমু চেপা , ইউক্ৰেইনৰ যুদ্ধৰ লগত কি সম্পৰ্ক নেমুৰ ?

0 115

ডিজিটেল ডেস্ক : বজাৰৰ পৰা বিধানসভালৈ আজি চৰ্চাৰ বিষয় বাৰীৰ চুকৰ নেমু ৷ বজাৰত এতিয়া জুইচাই দাম টেঙা নেমুৰ ৷ বজাৰৰ নেমুত ৰস ওলাওক বা নোলাওক, বিধানসভাৰ চৌহদত নেমুৰ ৰসত মুখ বিকতাইছে বহুজনে ৷ নেমু কিবা ইউক্ৰেইন-ৰাছিয়াৰ পৰা আহিছে নেকি ? ইমান যে বাঢ়িছে দাম ৷ নিজকে জুলীয়া পদাৰ্থ বুলি মূল কথাৰ পৰা সদাই ফালৰি কটা প্ৰশান্ত ফুকনে ক’লে- দুই ৰাষ্ট্ৰৰ যুদ্ধ চলিছে গতিকে বহু বস্তুৰ দাম বাঢ়িছে ৷ আমিনুল ইছলামৰ কথাষাৰ আমিও সুধিছোঁ- নেমু কিবা ইউক্ৰেইন-ৰাছিয়াৰ পৰা আহিছে নেকি ? প্ৰশান্ত ফুকনৰ আশ্বাস- নেমুৰ ছিজন আহিছে ৷ আজি বাঢ়িছে, কাইলৈ কমি যাব ৷ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিনে ক’লে- নেমুতেই দাম বাঢ়িল, গতিকে সকলো সাৱধান ৷ মৃণাল শইকীয়াৰ মতে- টেঙা নেমুৰ মূল্যবৃদ্ধিৰ Continous Process ৷ অসমীয়া মানুহে নেমু খেতি কৰিবলৈ এৰাৰ বাবেই বদ্ধি হৈছে নেমুৰ দাম ৷ টাবত নেমু ৰুবলৈ পৰামৰ্শ দিলে বিজেপি বিধায়কজনে ৷ জনপ্ৰতিনিধিসকল আপোনালোকে নেমু পুৰাণ পাঠ কৰক, আমি বজাৰৰ পৰা আহোঁ৷ সঁচাকৈ বজাৰত জুই জ্বলিছে ৷ ২০-৩০ টকা হৈছে এযোৰ নেমুৰ দাম ৷ নেমুৰ এই মূল্যবৃদ্ধিৰ এটা মাত্ৰ উদাহৰণহে ৷ শাক-পাচলিৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো সামগ্ৰীতে বৃদ্ধি পাইছে দাম ৷

Leave A Reply

Your email address will not be published.