danewsplus.com
danewsplus.com

গ্ৰাহকৰ মূৰত মাধমাৰ ডালমিয়া চিমেণ্টৰ! ২০ টকাকৈ বৃদ্ধি কৰিলে প্ৰতিবেগ চিমেণ্টৰ দাম

0 132

ডিজিটেল ডেস্কঃ গ্ৰাহকৰ মূৰত মাধমাৰ দিছে ডালমিয়া চিমেণ্টে৷ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা ডালমিয়াই মাৰ্চ মাহতেই প্ৰতিবেগ চিমেণ্টত বঢ়াই দিলে ২০ টকাকৈ৷ যাৰ ফলত গৃহ নিৰ্মাণ কৰিব খোজা বহুজনে ভাবিবলগা হৈছে ডালমিয়া চিমেণ্ট বাদ দিয়াৰ কথা৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ডালমিয়া চিমেণ্টে৷ ইতিমধ্যে Da NEWS PLUSত আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ ডালমিয়াই কিদৰে লংকাবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ Da NEWS PLUSৰ বাতৰিৰ পিছতে সাৰ পালে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব’ৰ্ডৰ আগমনৰ বাৰ্তা পাই নিশাই পৰিস্কাৰ কৰাত লাগিল লংকা ৰে’ল ষ্টেচন৷ লংকা ৰে’ল ষ্টেচনৰ পৰা ডালমিয়া চিমেণ্ট কাৰখানাটোৰ পৰা নিয়া হয় ক্লিংকাৰ আৰু ফ্লাইচকে ধৰি বিভিন্ন ৰ’ মেটেৰিয়েলছ৷ এইবোৰেই লংকাৰ আকাশ ছানি ধৰি লংকাবাসীলৈ নমাই আনিলে সংকট৷ যিবোৰ বিভিন্ন দূৰাৰোগ্য ৰোগৰ কাৰণ হৈ পৰিছে৷ এইবোৰৰ মাজতেই এইবাৰ ডালমিয়াই দিছে গ্ৰাহকক মাধমাৰ৷

২০-২৫ দিন পূৰ্বে প্ৰতিবেগ ডালমিয়া চিমেণ্টৰ দাম আছিল ৪৩০-৪৩৫ টকা৷ কিন্তু হঠাৎ ডালমিয়াই বৃদ্ধি কৰিলে চিমেণ্টৰ দাম৷ ইফালে, পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজত নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই ডালমিয়াৰ৷
লক্ষণীয় কথাটো হৈছে অসমতে উৎপাদন হোৱা ডালমিয়া চিমেণ্ট অসমতেই অতিৰিক্ত দামত বিক্ৰী হৈছে৷ তাৰ মাজতে ডালমিয়া চিমেণ্ট উৎপাদনস্থলীত যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে কাষৰীয়া অঞ্চলৰ লোকে৷ এইবোৰলৈ ভ্ৰুক্ষেপ নাই ডালমিয়া গোষ্ঠীৰ৷

Leave A Reply

Your email address will not be published.