danewsplus.com
danewsplus.com

কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ,উচ্চতৰ মাধ্যমিক পৰীক্ষা

0 411

ডিজিটেল ডেস্ক: সমগ্ৰ অসমতে ১৫ মাৰ্চ অর্থাৎ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। পৰীক্ষাৰ প্ৰাকক্ষণত সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বিভিন্ন দল-সংগঠনৰ।

মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হব ৯০৩ পৰীক্ষা কেন্দ্ৰত। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হব সৰ্বমুঠ ৪,৩১,১৩২ পৰীক্ষাৰ্থী। ইয়াৰে ১,৯৫,১৮১ গৰাকী ছাত্ৰ বিপৰীতে ২,২৪,৭০৬ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হব।

আনহাতে, হাই মাদ্ৰাছা পৰীক্ষাত বহিব ১১,২৪৫গৰাকী ছাত্ৰ ছাত্ৰী। ইয়াৰে ৪,১১৯ গৰাকী ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰী হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হব।

এইবাৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হব ২,১৫,০২২ গৰাকী শিক্ষাৰ্থী। ইয়াৰে কলা শাখাত অৱতীৰ্ণ হব ১, ৬৪,২১৯ গৰাকী, বিজ্ঞান শাখাত ৩৪, ৪০১ গৰাকী পৰীক্ষাৰ্থী, বাণিজ্য শাখাত অৱতীৰ্ণ হব ১৫,৫৮১ গৰাকী পৰীক্ষাৰ্থী। ৭৯৬ টা কেন্দ্ৰত অনুষ্ঠিত হব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অনুস্থিত কৰিব পৰা নাছিল মেট্ৰিক পৰীক্ষাৰ লগতে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। এইবাৰ অসম হাই মাদ্ৰাছা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিষদৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে শিক্ষা বিভাগ।
ইতিমধ্যে স্পৰ্শকাতৰ কেন্দ্ৰ সমূহৰ চিনাক্ত কৰিছে জিলা প্ৰশাসনে।

Leave A Reply

Your email address will not be published.