danewsplus.com
danewsplus.com

বয়ফ্ৰেণ্ডৰ লগত যায় নেকি OYO? সাৱধান! কৰিব পাৰে ধৰ্ষণ…

0 438

ডিজিটেল ডেস্কঃ জঘন্য! নৃশংস! নিতৌ মহানগৰীত হৈ আহিছে এটাৰ পিছত আন এটা অপৰাধ ইয়াৰ মাজতে পুনৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ প্ৰেমিকৰূপী দুৰ্ৱৃত্তই ধৰ্ষণ কৰি কেমেৰাত আবদ্ধ কৰিলে সমগ্ৰ দৃশ্য৷ পৰৱৰ্তী সময়ত সেই দৃশ্য ভাইৰেল কৰাৰ ভাবুকি দি সতীৰ্থৰ সৈতে OYOত সংঘটিত কৰিলে দলবদ্ধ ধৰ্ষণ৷ ছ’চিয়েল মিডিয়াতো ভাইৰেল এই শিহৰণকাৰী দৃশ্য।

দুৰ্ভগীয়া কিশোৰীৰ পৰিয়ালে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু কৰাৰ পিছতে পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত৷

কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি ১৬ আৰু ১৯ ফেব্ৰুৱাৰীত মহানগৰীৰ গাড়ীগাঁৱৰ নদীকাষত সংঘটিত কৰিছিল এই দলবদ্ধ ধৰ্ষণ। দুৰ্বৃত্তকেইটাই কেমেৰাত আবদ্ধ হৈ থকা ভিডিঅ’ ভাইৰেল কৰাৰ হুমকিৰে পৰৱৰ্তী সময়ত ১৯ ফেব্ৰুৱাৰীত আদাবাৰীৰ OYO গেষ্ট হাউছত কৰিছিল দলবদ্ধ ধৰ্ষণ। ঘটনা সংঘটিত কৰিয়েই পলাতক ৫ দুৰ্বৃত্তৰ।

টিউচনলৈ বুলি যোৱা অৱস্থাত কিশোৰীগৰাকীক ফুচুলাই এনে অসৎ কাৰ্য চৰিতাৰ্থ কৰিলে দুৰ্বৃত্তকেইটাই৷ অভিযুক্ত অপৰাধীকেইটা ক্ৰমে ইজাজুল হক ওৰফে বিকি, ফাইজুল আলী, ছোলেমান আলী, পিংকু আলী, ৰাজা আলী

ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও ধাৰাৰ লগতে POCSO আইনত গোচৰ ৰুজু কৰিছে আৰু OYO গেষ্ট হাউছতো অভিযান চলাইছে তদন্তকাৰী আৰক্ষীয়ে৷

ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা ঘটনাস্থলী পৰিদৰ্শন কৰি এই ঘটনাৰ পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে৷ অতিশীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে এচিপি ভনীতা নাথে৷ কোনোবাই যদিহে অপৰাধীকেইটাৰ কিবা সম্ভেদ পায় শীঘ্ৰে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনালে আৰক্ষী বিষয়াগৰাকীয়ে৷

উল্লেখ্য যে কিশোৰীগৰাকীৰ প্ৰেমিকৰূপী ইজাজুল হক ওৰফে বিকি আলীয়ে ১৬ ফেব্ৰুৱাৰীত ধৰ্ষণ কৰাৰ পিছতে কেমেৰাত আবদ্ধ কৰিছিল সমগ্ৰ দৃশ্য৷ ইয়াৰ পৰৱৰ্তী সময়ত এই দৃশ্য দেখুৱাই কিশোৰীগৰাকীক ব্লেকমেইলিং কৰি ৪ সতীৰ্থৰ সৈতে এই অনৈতিক কায্য সংঘটিত কৰে।

Leave A Reply

Your email address will not be published.