danewsplus.com
danewsplus.com

গঁড়, প্ৰকৃতি সুৰক্ষা, ৰক্তদানৰ উদ্দেশ্যে দৰঙৰ যুৱকৰ পদযাত্ৰা

0 151

ডিজিটেল ডেস্কঃ গঁড়, প্ৰকৃতি সুৰক্ষা, ৰক্তদানৰ উদ্দেশ্যে দৰঙৰ যুৱকৰ ৰাজ্যৰ বিভিন্ন স্থানলৈ পদযাত্ৰা৷ এই উদ্দেশ্যে ৰাজ্যৰ ইখনৰ পিছত সিখন স্থান ভ্ৰমণ কৰি আছে দৰঙৰ গৌৰীশংকৰ কলিতা নামৰ যুৱকজনে৷ ২০২১ চনৰ ডিচেম্বৰত যাত্ৰা আৰম্ভ কৰা যুৱকজনে ইতিমধ্যে অতিক্ৰম কৰিছে ২৩খন জিলা৷ সম্প্ৰতি তেওঁ প্ৰৱেশ কৰিছে পশ্চিম কাৰ্বি আংলং জিলাত৷ জিলাখনৰ খেৰনিত স্থানীয় সাংবাদিক সন্থাই সম্বৰ্ধনা জনালে যুৱকজনক৷ পূৰ্বে এই যুৱকজনে গুৱাহাটীৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা কৰিছিল৷

Leave A Reply

Your email address will not be published.