danewsplus.com
danewsplus.com

মাজুলীৰ উপ-নিৰ্বাচন! মাজুলীবাসীক উদ্দেশ্যি কি ক’লে সৰ্বানন্দ সোণোৱালে ?

0 136

ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল, আজি পুৱাৰে পৰা আৰম্ভ হৈছে মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ লগত চামিল হোৱাৰ পিছত দীৰ্ঘদিন ধৰি মাজুলী বিধানসভাৰ আসনখন খালী হৈ আছিল ৷

সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি এখন সৰ্বাংগসুন্দৰ মাজুলী গঢ় দিয়াত সকলোৱে আগভাগ লঁওক: সৰ্বানন্দ সোণোৱাল


“মাজুলীৰ অবিৰত আৰু সৰ্বাংগীণ বিকাশ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ স্বাৰ্থত বিধানসভাৰ উপ-নিৰ্বাচনত বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ। সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি এখন সৰ্বাংগসুন্দৰ মাজুলী গঢ় দিয়াত সকলোৱে আগভাগ ল’ব লাগিব”, টুইটযোগে মাজুলীৰ ৰাইজক এই আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।


জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত ১ লাখ ৩৩ হাজাৰৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধী তথা কংগ্ৰেছ-AJP-ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজাত অন্ত পৰিব ৷

২০৩টা ভোটকেন্দ্ৰত পুৱাৰে পৰা চলিছে ভোটগ্ৰহণ, ইয়াৰে ১৫টা ভোটকেন্দ্ৰৰ দায়িত্বত আছে কেৱল মহিলা।

Leave A Reply

Your email address will not be published.