danewsplus.com
danewsplus.com

কি কি সিদ্ধান্ত ল’লে কেবিনেটত? ৰাজ্যবাসীলৈ কি কি সুখবৰ আহিল ?

0 129

ডিজিটেল ডেস্কঃ সোমবাৰে দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল সাপ্তাহিক ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সংবাদমেলযোগে ঘোষণা কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই।

ৰাজহ বিভাগত বহুকেইটা সংশোধন আনিলে কেবিনেটে

আজিৰে পৰা অসমত ‘Revenue Town’ শব্দটো নাথাকিব

পৌৰসভাৰ অন্তৰ্গত নগৰসমূহ হে Revenue Town হিচাপে স্বীকৃত হ’ব

ৰাজহ সম্পৰ্কীয় টাউন আৰু ইয়াৰ পৰিধি এলেকা নাথাকিব

গাওঁ পঞ্চায়তৰ অধীনস্থ এলেকাক লৈও ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

গাওঁ পঞ্চায়ত এলেকাত এতিয়াৰে পৰা প্ৰয়োজন নহ’ব ট্ৰেড লাইচেঞ্চ

কিন্তু বহুকেইটা ক্ষেত্ৰত প্ৰয়োজন হ’ব ট্ৰেড লাইচেঞ্চ

দেশীয় আৰু বিলাতী সুৰাৰ বিপনী,নাৰ্চিং হোম,ইটা ভাটা,ম’বাইল টাৱাৰ,প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ,শিক্ষানুষ্ঠান আদিয়ে ল’ব লাগিব ট্ৰেড লাইচেঞ্চ।

তদুপৰি গাওঁ পঞ্চায়ত এলেকাত ঘৰ বনাবলৈ এতিয়াৰ পৰা নালাগে বিল্ডিং পাৰ্মিচন

কিন্তু Development Authority থকা এলেকাত ল’ব লাগিব এই অনুমতি

ৰাজহ আৰু পঞ্চায়তৰ এইসমূহ নতুন খবৰৰ ওপৰিও শৰ্মা কেবিনেটে শ্ৰমিকসকলৰ সুবিধাৰ্থে ল’লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

শ্ৰমিকৰ সুৰক্ষা,স্বাস্থ্য আদিত গুৰুত্ব ৰাজ্যিক কেবিনেটৰ

ইয়াৰ যোগেদি কোনো উদ্যোগ বা প্ৰতিষ্ঠানত নিয়োজিত প্ৰতিগৰাকী শ্ৰমিকৰ অনলাইন পঞ্জীয়ন বাধ্যতামূলক

৪০ বছৰ উৰ্ধৰ প্ৰতিজন শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা প্ৰতি বছৰে কৰিব লাগিব

শ্ৰমিকসকলক নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰ দিয়াটো বাধ্যতামূলক

কোনো ফেক্টৰীত,কৰ্মৰত শ্ৰমিকে যদিহে অসুৰক্ষিত বা অস্বাস্থ্যকৰ পৰিৱেশ অনুভৱ কৰে তেন্তে অভিযোগ দাখিল কৰিব পৰাকৈ ব্যৱস্থা কৰিব লাগিব নিয়োগকৰ্তাই।

কেবিনেটৰ এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰিও ৰাজ্য চৰকাৰৰ বাজেট বৰ্হিঃভূত শিতান সম্বন্ধেও অৱগত কৰে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ বাজেট বৰ্হিঃভূত শিতানৰ পুঁজি বৃদ্ধি

পূৰ্বতে ২০০ কোটি টকা পুঁজি আছিল ৰাজ্য চৰকাৰৰ ওচৰত

এতিয়াৰে পৰা এটা বাজেট শিতানত এই পুঁজি ২০০ৰ পৰা ২০০০ কোটিলৈ বৃদ্ধি কৰা হৈছে

এই শিতানৰ পুঁজি বানপানী,অন্যান্য দুৰ্যোগ,মহামাৰী আদি জৰুৰীকালিন সময়ত ব্যয় কৰিব ৰাজ্য চৰকাৰে। নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে সোমবাৰে গ্ৰহণ কৰা এইসমূহ সিদ্ধান্তই বহুখিনি সকাহ দিব ৰাজ্যবাসীক। তদুপৰি কেবিনেটে দিয়া ইতিবাচক বাৰ্তাই উপকৃত হ’ব খাতিখোৱা শ্ৰমিকসকলকো।

Leave A Reply

Your email address will not be published.