danewsplus.com
danewsplus.com

আমেৰিকাৰ পৰা আৰ্থিক-নিৰাপত্তা সাহায্য বিচাৰিছে ইউক্ৰেইনে

0 365

ডিজিটেল ডেস্কঃ১১ দিনত ভৰি দিলে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ৷ শাম কটা নাই পৰিস্থিতিৰ ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেৰে টেলিফোনিক বাৰ্তালাপ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ৷ আমেৰিকাৰ পৰা আৰ্থিক আৰু নিৰাপত্তা সাহায্য বিচাৰিছে জেলেনস্কিয়ে৷ ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা বৃদ্ধিক লৈয়ো আলোচনা ৷

সকলো পশ্চিমীয়া দেশৰ পৰাই সামৰিক সাহায্য বিচাৰিছে ইউক্ৰেইনে৷ কাইলৈ ইউক্ৰেইন-ৰাছিয়াৰ ৩য় খন বৈঠক হোৱাৰ সম্ভাৱনা৷ বৰ্তমানলৈ ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে প্ৰায় ১২ লক্ষাধিক লোকে ৷ ৰাছিয়াৰ বিৰুদ্ধে কোম্পানীসমূহৰ নিষেধাজ্ঞা অব্যাহত আছে ৷ ৰাছিয়াত এটিএমত সেৱাতো নিষেধাজ্ঞা জাৰি কৰিছে ভিজা মাষ্টাৰ কাৰ্ডে৷ আজাৰবাইজানে বিমান সেৱা বন্ধ কৰিলে ৰাছিয়াত ৷ ৰাছিয়া ইউক্ৰেইনৰ মধ্যস্থতাকাৰী হোৱাৰ দিশে ইজৰাইল৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীক পুটিনেৰে আলোচনাৰ আহ্বান ইউক্ৰেইনৰ ৷

ৰাছিয়া আৰু ইজৰাইলৰ সম্পৰ্ক ঘনিষ্ঠ হোৱাৰ বাবে এই আহ্বান জেলেনস্কিৰ৷ ইউক্ৰেইনৰ বিদেশ দপ্তৰৰ মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুটিনেৰে আলোচনাৰ বাবে আহ্বান জনাইছে৷ ইউক্ৰেইনৰ কানিভ জলবিদ্যুৎ প্ৰকল্পত ৰাছিয়াৰ আক্ৰমণ৷ ৰাজধানী কীভৰ পৰা ১০০ কিলোমিটাৰ নিলগত অৱস্থিত এই প্ৰকল্প ৷

Leave A Reply

Your email address will not be published.