danewsplus.com
danewsplus.com

ভাৰতৰ দ্বাদশ খেলুৱৈৰূপে শততম টেষ্টত অৱতীৰ্ণ কোহলী

0 314

ডিজিটেল ডেস্কঃ অৱশেষত আহিল সেই বহু প্ৰত্যাশিত শুভক্ষণ৷ শততম টেষ্ট মেচত অংশগ্ৰহণৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতৰ বিৰাট কোহলীয়ে৷ কোহলীক অসংখ্যজনে যাচিলে শুভকামনা৷ বৰ্ণাঢ্য ক্ৰিকেট কেৰিয়াৰত শুকুৰবাৰৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ল বিৰাট কোহলীৰ বাবে৷ শততম টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ বিৰল কৃতিত্ব স্থাপন কৰিলে ভাৰতৰ ক্ৰিকেট দলৰ বহু যুঁজৰ নায়কজনে৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰতৰ কেইবাগৰাকীও বিখ্যাত ক্ৰিকেটাৰে কোহলীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে৷ সুনীল গাভাস্কাৰ, ৰবী শাস্ত্ৰী, শচীন তেণ্ডুলকাৰ, ভি ভি এছ লক্ষ্মণৰ পৰা অসংখ্যজনৰ শুভেচ্ছা কোহলীলৈ৷ সুনীল গাভাস্কাৰ, কপিল দেৱ, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আদিৰ সৈতে তালিকাত অন্তৰ্ভুক্ত বিৰাট কোহলি।পাঞ্জাৱৰ মোহালিত শুকুৰবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত অৱতীৰ্ণ হোৱাৰ পূ্ৰ্বে BCCI-এ সম্বৰ্ধনা জনালে কোহলীক। ৰাহুল দ্ৰাবিড়ে কোহলিক প্ৰদান কৰিলে স্মাৰক। স্মাৰক গ্ৰহণ অনুষ্ঠানত উপস্থিত অনুষ্কা শৰ্মা। স্মাৰক গ্ৰহণ কৰি আপ্লুত হৈ পৰে বিৰাট কোহলী৷ অনুষ্ঠানত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ক্ৰিকেট জগতৰ দীঘলীয়া যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে৷ অৱশ্যে অনুৰাগীয়ে আশা কৰা ধৰণেৰে শততম মেচৰ প্ৰথম ইনিংছত চেঞ্চুৰী কোবাব নোৱাৰিলে বিৰাট কোহলীয়ে৷

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত কোহলীৰ নামত আছে ২৭টা চেঞ্চুৰী৷ আনহাতে, হাফ চেঞ্চুৰী আছে ২৮টা৷ যোৱা দুবছৰে টেষ্টত শতকীয় ইনিংছ খেলা নাই ষ্টাইলিছ বেটছমেনজনে৷ অধিনায়কৰ দায়িত্ব এৰি বিৰাট কোহলীয়ে এতিয়া মুকলি মনেৰে বেটিঙত মনোনিৱেশ কৰিব পাৰিব বুলি আশাবাদী অনুৰাগীসকল৷

Leave A Reply

Your email address will not be published.