danewsplus.com
danewsplus.com

আজি অসমলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

0 98

ডিজিটেল ডেস্কঃ আজি অসমলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ দিনৰ ১১.৩০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী৷ বিমানবন্দৰত আদৰণি জনাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বিমানবন্দৰৰ পৰা পোনে পোনে মা কামাখ্যালৈ যাব ৰাষ্ট্ৰপতি কোৱিন্দ৷ বিয়লি ৫ বজাত কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মবৰ্ষৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে৷ আলাবৈ ৰণৰ যুদ্ধ স্মাৰকৰ আধাৰশিলা অনুষ্ঠানটো কৰিব অংশগ্ৰহণ৷ কাইলৈ তেজপুৰলৈ যাব ৰাষ্ট্ৰপতিগৰাকী৷ ভাগ ল’ব তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত৷

একেদিনাই কাজিৰঙা পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতিয়ে৷ জীপ চাফাৰি, হাতী চাফাৰিৰে উপভোগ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাষ্ট্ৰপতিৰ আগমনক লৈ এতিয়া চৰকাৰ-প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি৷ ৰং-তুলিকাৰে সজাই তোলা হৈছে গুৱাহাটী মহানগৰী৷ ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনি৷ ৰাষ্ট্ৰপতিৰ আগমনৰ সময়ত পদপথৰ দোকানসমূহ শৃংখলাবদ্ধভাবে থাকিবলৈ আহ্বান চৰকাৰৰ৷

পৰাপক্ষত ৰাষ্ট্ৰপতি অহাৰ সময়ত দোকানসমূহ বন্ধ ৰখাৰ আহ্বান জিএমচিৰ আয়ুক্তৰ ৷ আনহাতে, তিনিদিনীয়া কাৰ্যসূচী সামৰি ২৭ ফেব্ৰুৱাৰীত অৰুণাচলৰ পৰা ৰাষ্ট্ৰপতি কোবিন্দ উৰা মাৰিব দিল্লীলৈ ৷

Leave A Reply

Your email address will not be published.