danewsplus.com
danewsplus.com

প্ৰগতিবাদী সাহিত্যিক বিজনলাল চৌধুৰীৰ বিয়োগ

0 273

ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ-সাংবাদিক বিজনলাল চৌধুৰী আৰু নাই। ৮২ বছৰ বয়সত মৃত্যু বৰ্ষীয়ান সাহিত্যিকগৰাকীৰ। দীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰয়াত চৌধুৰী। ১৯৪০চনৰ ২৬ আগষ্টত ডিব্ৰুগড়ৰ আমোলাপট্টিত জন্ম হৈছিল চিন্তাবিদ গৰাকীৰ।বাঁওপন্থী চিন্তাধাৰাৰে সমাজ জীৱনলৈ সেৱা আগবঢ়াইছিল চৌধুৰী দেৱে। ‘নতুন সাহিত্য পৰিষদ’ৰে জড়িত আছিল চৌধুৰী।তেখেতে কেইবাখনো মননশীল গ্ৰন্থ প্ৰণয়ন কৰিছিল ।যথেষ্ট সংখ্যক উপাদেয় গ্ৰন্থও সম্পাদনা কৰিছিল সাহিত্যিক গৰাকীয়ে।চৌধুৰী দেৱৰ উল্লেখযোগ্য গ্ৰন্থ ‘নতুনৰ পোহৰত লক্ষ্মীনাথ বেজবৰুৱা’।‘ৰামধেনু যুগ’ৰে পৰা অসমীয়া সাহিত্যলৈ অৱদান সাহিত্যিক গৰাকীৰ।বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ বৰপুত্ৰ আছিল চৌধুৰী।তেখেতৰ মাতৃৰ নাম পুণ্যপ্ৰভা চৌধুৰী।বৰপেটাৰ এম চি কলেজত অধ্যাপনা কৰিছিল চৌধুৰী দেৱে।তেখেতে কলেজখনৰ অসমীয়া বিভাগৰ মুৰব্বীৰূপে শিক্ষকতাও কৰিছিল।

‘নতুন পৃথিৱী’ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত সাহিত্যিক গৰাকী।প্ৰকাশ কৰিছিল সাহিত্য আলোচনী ‘চাবুক’ আৰু ‘সূৰুযমুখী’।‘সাপ্তাহিক নীলাচল’ৰ যোগেদি সংবাদ জগতত প্ৰৱেশ কৰিছিল চৌধুৰী দেৱে।তেওঁ ‘নতুন দৈনিক’ৰ বৰপেটাৰ সংবাদদাতাৰূপে সেৱা আগবঢ়াইছিল। সাহিত্যিক গৰাকী ওতপ্ৰোতঃভাৱে ভাৰতীয় গণনাট্য সংঘৰে জড়িত আছিল।জৰুৰী অৱস্থাত ১৯ মাহ জে’লত আছিল চৌধুৰী।মৃত্যুৰ সময়ত চৌধুৰীদেৱে পত্নী, দুই পুত্ৰ-বোৱাৰী, জীয়ৰী এৰি গৈছে ।

Leave A Reply

Your email address will not be published.