danewsplus.com
danewsplus.com

হোমেন বৰগোহাঞিৰ ‘সাদিনীয়া নৱযুগ’ আলোচনী সম্পৰ্কে কিছু আলোচনা

0 505

ডিজিটেল সংবাদ : ড০ বীৰেন্দ্রকুমাৰ ভট্টাচার্যৰ সম্পাদনাত ১৯৬৩ চনৰ ২৩ অক্টোবৰৰ পৰা ১৯৬৭ চনৰ ১৫ মার্চলৈকে গুৱাহাটীৰ পৰা প্রকাশ পোৱা ‘সাদিনীয়া নৱযুগ’ৰ অসমীয়া বাতৰিকাকতৰ ইতিহাসত কেইটামান বৈশিষ্ট্য আছে ৷ তাৰে উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ‘নৱযুগ’খনেই প্রথম অসমীয়া সাদিনীয়া আলোচনী ৷ সাদিনীয়া বাতৰিকাকত সেই সময়লৈ ভালেকেইখন প্রকাশ হৈছিল যদিও সাদিনীয়া আলোচনী তেতিয়ালৈকে ওলোৱা নাছিল ৷ অৱশ্যে মানসম্পন্ন আলোচনীৰ চৰিত্র অক্ষুণ্ণ ৰখা সাদিনীয়া আলোচনী অসমত আজিকোপতি প্রকাশ পোৱা নাই ৷ সেইগুণে ‘সাদিনীয়া নৱযুগ’ৰ একক চৰিত্র আৰু বৈশিষ্ট্য অসমীয়া সংবাদপত্রৰ ইতিহাসত আজিও নজহা-নপমা ৰূপতে আছে ৷ দ্বিতীয়তে ‘দেশ’ পত্রিকা, অধুনালুপ্ত ‘ইলাষ্ট্রেটেড উইকলী’, ‘দ্য উইক’, ‘ইণ্ডিয়া টুডে’’ অথবা ‘প্রান্তিক’ আদি প্রখ্যাত আলোচনীয়ে ব্যৱহাৰ কৰা সম্পাদনা পদ্ধতি আৰু প্রকাশনশৈলী প্রয়োগ কৰি বিংশ শতিকাৰ ষাঠিৰ দশকতে অসমত ‘সাদিনীয়া নৱযুগ’ প্রকাশ কৰা হৈছিল ৷ মুঠতে এখন মানবিশিষ্ট আৰু উৎকৃষ্ট আলোচনীৰূপে গঢ় দিবলৈ বুদ্ধিদীপ্ত সম্পাদক বীৰেন্দ্রকুমাৰ ভট্টাচার্যই ষোল অনাই চেষ্টা কৰিছিল ৷
চিলাৰায় প্রকাশনৰ হৈ যতীন্দ্র নাৰায়ণ দেৱ আৰু দ্বিজেন্দ্র নাৰায়ণ দেৱে প্রকাশ কৰা ‘নৱযুগ’ ছপা কৰা হৈছিল পাণবজাৰৰ লক্ষ্মী প্রিণ্টিং প্রেছত, কার্যালয়ো আছিল তাতে৷ প্রকাশ হোৱাৰ দিনৰ পৰা আৰম্ভ কৰি শেষ সংখ্যাটোলৈকে প্রতিটো সংখ্যাৰ মূল্য আছিল পঞ্চাশ পইচা মাত্র৷ প্রতি বুধবাৰে প্রকাশ পোৱা এই ব্যতিক্রমধর্মী আলোচনীখনৰ নিয়মীয়া শিতানসমূহৰ ভিতৰত আছিল― মুকলি চিন্তা (সম্পাদকীয় কলম), নাগৰিকৰ চকুৰে, ৰাইজৰ ভাষাত, বুধবৰীয়া চ’ৰা, তিতা-মিঠা, ৰূপলেখা, অসম দর্শন, ক্রীড়া জগত আৰু যোৱা সপ্তাহ৷ ব্যংগচিত্র, দেখা খবৰ (আলোকচিত্র শিতান), যোৱা সপ্তাহ, পুথি সমালোচনা, দৃষ্টিপাত, বিজ্ঞানৰ প্রগতি, সংবাদ সমীক্ষা আদিও আছিল আলোচনীখনৰ নিয়মীয়া শিতান৷ মূলতঃ সংবাদপ্রধান আলোচনী হ’লেও সাহিত্যৰ অন্যতম কাণ্ডাৰী ভট্টাচার্যদেৱৰ সম্পাদনাত ‘সাদিনীয়া নৱযুগ’ সংবাদৰ পৰিমণ্ডলতে আবদ্ধ নাথাকি উৎকৃষ্ট সাহিত্যালোচনীৰ শাৰীলৈ উধাইছিল ৷ প্রথম বছৰ প্রথম সংখ্যাৰ ‘নৱযুগ’ত ‘মুকলি চিন্তা’ শীর্ষক সম্পাদকীয় কলমত ভট্টাচার্যদেৱে লিখিছিল― ‘তৰল যৌন আৱেদন, ৰাশিফল, অপৈণত লেখা, কুবুদ্ধীয়া হৈ-চৈ আৰু নিয়ন্ত্রিত মতামত― এইবোৰৰ দ্বাৰা এটা উঠি অহা জাতিৰ আত্মাৰ ভোক গুচাব নোৱাৰি৷ আমাৰ জনসাধাৰণে তৰল বস্তু নিবিচাৰে, বিচাৰে সৰল পদ্ধতিত সবল বস্তু৷ এফালৰ পৰা আহ্বান আহিছে আমালৈ ৷ ইউৰোপৰ সাম্যবাদে ৰাক্ষসী মূর্তি ধৰি উত্তৰ ফালৰ পৰা আমাৰ অস্তিত্বক ৰণাহ্বান জনাইছে ৷ তাক কেৱল সামৰিক শক্তিৰে ভেটা দিব পৰা নাযায় ৷ তাৰ বাবে লাগিব সুচেতনাসম্পন্ন জাগ্রত জাতি ৷ জাতিক জাগ্রত কৰাৰ দায়িত্ব দুগুণে বাঢ়িছে এতিয়া৷ ‘নৱযুগ’ৰ দায়িত্বও সেইবাবে জ্ঞানক আৰু কলাক ঘৰে ঘৰে লৈ যোৱা।’ জ্ঞানক আৰু কলাক ঘৰে ঘৰে লৈ যাবলৈ সম্পাদক বীৰেন্দ্রকুমাৰ ভট্টাচার্যদেৱে নিচেই কম দিনৰ ভিতৰতে নৱযুগীয়া সাহিত্যিকৰ এটি সদাতৎপৰ দল গঢ়ি তুলিছিল ৷ সেই কালৰ সুপ্রতিষ্ঠিত কবি বিনন্দচন্দ্র বৰুৱা, যতীন্দ্রনাথ দুৱৰা, পার্বতিপ্রসাদ বৰুৱা, দেৱকান্ত বৰুৱা, নীলমণি ফুকন, আনন্দচন্দ্র বৰুৱা, নলিনীধৰ ভট্টাচার্য, মহেন্দ্র বৰা, গুণাভিৰাম চৌধাৰী, পৰেশমল্ল বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, কেশৱ মহন্ত, বীৰেন বৰকটকী, হৰি বৰকাকতি, হৰেকৃষ্ণ ডেকা, নীলিমা দত্ত, হীৰেন ভট্টাচার্য, ৰবীন্দ্র বৰা, বিজনলাল চৌধুৰী, ঈশান দত্ত (ইমৰান শ্বাহ), ধীৰেন্দ্রনাথ দত্ত, হীৰেন্দ্রনাথ দত্ত, হোমেন বৰগোহাঞি, থানেশ্বৰ হাজৰিকা, মীনাকুমাৰী বৰদলৈ, কীর্তিকমল ভূঞা, অমূল্য চৌধুৰী আদি কবিৰ মননশীল কবিতা নৱযুগৰ ঘাই আকর্ষণ আছিল ৷ আনহাতে গল্পৰ ক্ষেত্রত গণমুখী আন্দোলন এটা গঢ়ি তোলাত ভাগ লোৱা নৱযুগীয়া লেখকসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন, যোগেশ দাস, লক্ষ্মীনন্দন বৰা, ৰাজেন্দ্রনাথ হাজৰিকা, চৈয়দ আব্দুল মালিক, ভবেন্দ্র নাথ শইকীয়া, মহিম বৰা, নিৰোদ চৌধুৰী, পদ্ম বৰকটকী, স্নেহ দেৱী, কেশৱ শইকীয়া, লুম্মেৰ দাই, বাসন্তী বৰুৱা, নিৰুপমা বৰগোহাঞি, ৰুণু বৰুৱা, ললিতচন্দ্র বৰা, সদা শইকীয়া, ৰংবং তেৰাং, ইদ্রিছ আলী, চিত্রলতা ফুকন, গোবিন্দ প্রসাদ শর্মা, ৰত্ন ওজা, ভুবন মোহন দাস, অৰুণ গোস্বামী, নগেন শইকীয়া, গজেন বৰুৱা, কনকসেন ডেকা, মহেন্দ্র বৰঠাকুৰ, সতীশ ভট্টাচার্য, কুসুম বৰা, ফুলেন বর্মন, কুমুদ গোস্বামী, শশী ফুকন, পৰমানন্দ কলিতা, ভদ্রেশ্বৰ ৰাজখোৱা, ৰঞ্জিত নাৰায়ণ ডেকা, অমূল্য ফুকন, ৰামৰাজা সিংহ, বলাইৰাম সেনাপতি, নীলিমা শর্মা, হৰেন দাস আদি আছিল অন্যতম ৷
‘নৱযুগ’ৰ বিশেষ আকর্ষণ আছিল বিশ্ব সাহিত্যৰ অনুবাদ ৷ এই শিতানলৈ অৰিহণা যোগোৱাসকলৰ ভিতৰত আদ্যনাথ গোস্বামী, কেশৱ শইকীয়া, দুর্লভানন্দ ৰাজখোৱা, বিজয়কৃষ্ণ দেৱশর্মা, আবুল লেইচ, লক্ষীন্দ্র হাজৰিকা, সৌৰভ কুমাৰ চলিহা, কুমুদ গোস্বামী, থানেশ্বৰ শর্মা, গোলাপ খাওন্দ, দুলাল বৰদলৈ, পৱিত্র কুমাৰ ডেকা, অগ্নিবাহাদুৰ ক্ষেত্রী, স্যমন্ত ফুকন অন্যতম ৷
‘নৱযুগ’ৰ প্রবন্ধ লেখকসকলৰ তালিকাখন যথেষ্ট দীঘল ৷ তথাপি অতুলচন্দ্র হাজৰিকা, ৰাধানাথ ফুকন, নলিনীবালা দেৱী, বেণুধৰ শর্মা, যজ্ঞেশ্বৰ শর্মা, লক্ষ্মীনাথ ফুকন, তীর্থনাথ শর্মা, নকুলচন্দ্র ভূঞা, বিজয়চন্দ্র ভাগৱতী, সূর্যকুমাৰ ভূঞা, প্রফুল্লদত্ত গোস্বামী, বিৰিঞ্চি কুমাৰ বৰুৱা, প্রসন্নলাল চৌধুৰী, ভূপেন হাজৰিকা, বিশ্ব নাৰায়ণ শাস্ত্রী, অমিয় কুমাৰ দাস, সত্যেন্দ্রনাথ শর্মা, লীলা গগৈ, হেম বৰুৱা, ত্রৈলোক্যনাথ গোস্বামী, যুগল দাস, অজিতকুমাৰ শর্মা, উমাকান্ত শর্মা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, দুলাল চন্দ্র ভূঞা, অবনীন্দ্র চন্দ্র বৰা, অম্বিকানাথ বৰা, আব্দুছ ছাত্তাৰ, ফণী তালুকদাৰ, সত্যেন্দ্র নাৰায়ণ গোস্বামী, প্রফুল্ল কটকী, কমলা শইকীয়া, জীৱেশ্বৰ গোস্বামী, অনিমা গুহ, অজিত নাগ, অমিত নাগ, টাগাং টাকি, গৌতম প্রসাদ বৰুৱা, তোষেশ্বৰ ঠাকুৰ, নিবাৰণ বৰা, ৰাধানাথ হাজৰিকা, পৱনাথ শর্মা, দিলীপ হাজৰিকা, কুলদা কুমাৰ ভট্টাচার্য, কামিনী ফুকন, সত্যৰঞ্জন কলিতা, কুলেন্দু পাঠক, যোগেন চেতিয়া, গৌৰী বর্মন, প্রফুল্ল বৰুৱা, পৱিত্র কুমাৰ লহকৰ, হেম বৰা আদিৰ লগতে আৰু বহুতো লেখকৰ প্রবন্ধ ‘নৱযুগ’ৰ পাতত পোৱা গৈছে ৷ বীৰেন্দ্রকুমাৰ ভট্টাচার্যদেৱৰ অহোপুৰুষার্থত নিচেই কম দিনৰ ভিতৰতে ‘নৱযুগ’খনে নিত্য নতুন সাহিত্য সোৱাদেৰে অসমৰ বৌদ্ধিক যুগপট সলনি কৰিবলৈ সক্ষম হৈছিল ৷ মাত্র চাৰে তিনি বছৰৰ নাতিদীর্ঘ পৰিক্রমাত অসংখ্য ৰুচিৱান পাঠক সৃষ্টি কৰা ‘নৱযুগ’ৰ প্রভাৱ অসমৰ জাতীয় জীৱনত সুদূৰপ্রসাৰী হৈ ৰ’ল৷ সম্পাদক ভট্টাচার্যদেৱ নিজে এজন বিজ্ঞ আৰু কর্তব্যনিষ্ঠ সাংবাদিক-সাহিত্যিক হোৱাৰ নিমিত্তে সাহিত্য ক্ষেত্রত পাঠক ৰাইজৰ নাড়ী-নক্ষত্র অনুধাৱন কৰি সেইমতে ‘নৱযুগ’ক আগবঢ়াই নিছিল ৷ পিছলৈ প্রকাশক দুগৰাকীৰ মাজত মতানৈক্য ঘটি ‘নৱযুগ’ অকালতে বন্ধ হ’ল যদিও ইয়াৰ প্রভাৱ অসমৰ সাংবাদিকতাত সুদূৰপ্রসাৰী ৰূপত থাকি গ’ল ৷ হোমেন বৰগোহাঞি আছিল ‘নৱযুগ’ৰ পাতত সাহিত্য চর্চা কৰাসকলৰ মাজৰ অন্যতম সাহিত্যিক ৷ ‘নৱযুগ’ৰ প্রথম বছৰ চতুর্থ সংখ্যাতে তেওঁৰ এটা অনূদিত কবিতা প্রকাশ পাইছিল ৷ ১৯৬৩ চনত সাহিত্যৰ নোবেল বঁটা পোৱা সাহিত্যিক জর্জ চেফেৰিছৰ মূল কবিতাৰ পৰা অনূদিত সেই কবিতাটিৰ নাম আছিল ‘আনন্দ মধ্য বিৰতি’৷ ১৯৬৪ চনৰ ২৯ জানুৱাৰীৰ সংখ্যাত প্রকাশ পোৱা ‘কেনেডী হত্যাৰ বিচাৰ’ বৰগোহাঞিৰ এটা প্রখ্যাত মৌলিক কবিতা ৷ বিশ্বজোৰা জঘন্যতাৰ আশু-সমাপ্তি কামনা কৰি সত্য অন্বেষণৰ আকুলতাৰে ৰচনা কৰা এই কবিতাটোৰ সন্মোহনী গুণে আজিও পাঠকক আকর্ষণ কৰাৰ থল আছে ৷ বিশেষকৈ শব্দৰ সৰল অথচ তির্যক ব্যৱহাৰে ‘কেনেডী হত্যাৰ বিচাৰ’ক অপূর্ব নান্দনিকতা দান কৰিছে ৷ বৰগোহাঞিৰ মতে কেনেডী, লিংকন, গান্ধীক প্রকৃততে অছৱাল্ড, বুথ বা গডছেই হত্যা কৰা নাই ৷ হত্যা কৰিছে সেইবোৰ লোকে―
―যিবোৰে জানিও পক্ষ লৈছে অন্যায়ৰ
―যিবোৰে গ্রহণ কৰা নাই সাম্য আৰু গণতন্ত্রৰ আদর্শ
―যিবোৰে মুখেৰে গ্রহণ কৰিছে কিন্তু কামত কপট আৰু নিষ্ক্রিয়
―যিবোৰে দুর্বলৰ কাৰণে কেৱল ঘঁৰিয়ালৰ টকুপানী টোকে;
সিঁচৰতি হৈ আছে এই কুকুৰ কাপুৰুষ নৰাধমবোৰ
পৃথিৱীৰ দেশে দেশে আৰু অছৱাল্ড, ৰুবি বুথ, গডছেই নহয়, ইহঁতেই
ইহঁতেই হত্যা কৰিছে গান্ধী, লিংকন, জন ফিৎজাৰেল্ড কেনেডীক ৷
ক’ত সেই বিচাৰক, যি প্রশ্ন কৰিব সত্য কি আন্তর্জাতিক স্তৰত উগ্রপন্থাৰ স্বৰূপ প্রকৃততে কি, সেই কথা উদ্ভাসিত কৰি সেই সময়ৰ শক্তিশালী কবিকণ্ঠৰ গৰাকী হোমেন বৰগোহাঞিয়ে শাসকৰ বেশ ধাৰণ কৰা তথাকথিত উচ্চ শ্রেণীটোক ‘কেনেডী হত্যাৰ বিচাৰ’ নামৰ এই কবিতাটোৰ জৰিয়তে তীব্র বাক্যবাণেৰে হানিছিল ৷ ‘নৱযুগ’ত সেই কবিতা প্রকাশ হোৱাৰ সময়ত বৰগোহাঞি আছিল চৰকাৰী ৰাজপত্রিত বিষয়া ৷ জীৱনৰ আদিছোৱাত কবিৰূপেই সর্বাধিক জনপ্রিয় বৰগোহাঞিৰ আন বহুতো বাস্তৱবাদী কবিতাৰ দৰে এই কবিতাটোৰ চুম্বকত্বই বৃহত্তৰ পাঠক সমাজত আলোড়ন সৃষ্টি কৰিছিল ৷ বৰগোহাঞিদেৱৰ কবিতাৰ উচ্চ প্রশংসা কৰি অগ্রজ কবি নৱকান্ত বৰুৱাই নমিতা ডেকা সম্পাদিত ‘হোমেন বৰগোহাঞিৰ সন্ধানত’ নামৰ গ্রন্থখনত ‘জ্যেষ্ঠজনৰ দৃষ্টিত’ শিতানত লিখিছিল― তোমালোকে বহুতে মোৰ কবিতাৰ ছন্দৰ কথা কোৱা, কিন্তু হোমেনৰ দৰে ছন্দসিদ্ধ কবি মই হ’ব পৰা নাছিলোঁ ৷ মই ইংৰাজীৰ মাষ্টৰ হোৱা সত্ত্বেও ইংৰাজী ছন্দৰ কালিকা আমাৰ কবিতাৰ বাবে ল’ব পৰা বা ল’ব খোজা নাছিলোঁ ৷ হোমেনকো মোৰ বাটৰে বাটৰুৱা বুলি ভাবিছিলোঁ আৰু এতিয়াও ভাবোঁ ৷ বৰগোহাঞিদেৱৰ কবিতাৰ একমাত্র সংকলন ‘হৈমন্তী’, য’ত তেখেতৰ বাস্তৱবাদী চিন্তা-চেতনাৰ পূর্ণ প্রতিফলন ঘটিছে ৷
‘নৱযুগ’ৰ পাতত উদ্ধাৰ হোৱা বৰগোহাঞিদেৱৰ তিনিটা উল্লেখযোগ্য প্রবন্ধ হ’ল― ‘সাম্প্রতিক অসমীয়া কবিতা’, ‘ভাৰতবর্ষ– ১৯৪৭-১৯৬৫’ আৰু ‘অসমীয়া সাহিত্যত নৱযুগ’৷ সমালোচনাত্মক দৃষ্টিভংগীৰে ৰচিত তিনিওটা প্রবন্ধৰ মাজত বৰগোহাঞিদেৱৰ উচ্চতৰ চিন্তাৰ আভাস অন্তর্নিহিত হৈ আছে ৷ ‘সাম্প্রতিক অসমীয়া কবিতা’ শীর্ষক প্রবন্ধটোত অসমৰ সেই সময়ৰ কবিসকলৰ চিন্তন, মনন আৰু কর্ষণৰ উল্লিখনেৰে অসমীয়া কবিতাৰ গতিবৈচিত্র্যৰ সামগ্রিক পৰিচয় দিয়া হৈছে৷ জ্যেষ্ঠ কবিসকলৰ প্রতি বিনয় আৰু তৰুণ চামৰ প্রতি উৎসাহ ব্যক্ত কৰি বৰগোহাঞিদেৱে আমাৰ সাহিত্যৰ কাব্য ধাৰাটো পত্রে-পুষ্পে জাতিষ্কাৰ হোৱাৰে আশু-কামনা কৰি লেখাটো যুগুতাইছিল ৷ ‘ভাৰতবর্ষ– ১৯৪৭-১৯৬৫’ শীর্ষক লেখাটোৰ নামটোতে পৰিচয় পৰিস্ফুট হৈ আছে ৷ দেশৰ সর্বাংগীণ প্রগতিৰ খতিয়ান লৈ জনতাই স্বাধীনতাৰ কুৰি বছৰে ভুগি থকা সমস্যাৰ পৰ্যালোচনাত্মক তথ্য এই লেখাত অৱগত কৰিছিল ৷ ‘নৱযুগ’ৰ প্রথম বছৰ ষষ্ঠ সংখ্যাত (২৭ নৱেম্বৰ, ১৯৬৩) প্রকাশিত ‘অসমীয়া সাহিত্যত নৱযুগ’ শীর্ষক সুদীর্ঘ প্রবন্ধটো কথাশিল্পী বৰগোহাঞিদেৱৰ জীৱনৰ এটা বিশেষ উল্লেখযোগ্য প্রবন্ধ ৷ বিশ্বৰ তথা দেশৰো আন প্রান্তৰ তুলনাত অসমীয়া সাহিত্য জগতত লেহেমীয়া গতিত হোৱা নৱজাগৰণ প্রত্যক্ষ কৰি সমাজদায়বদ্ধ ব্যক্তি হিচাপে বৰগোহাঞিদেৱ ব্যথিত হৈছিল আৰু সাহিত্যৰ নৱজাগৰণৰ ক্ষেত্রত মূলতঃ সেই সময়ৰ এচাম সমালোচকৰ ভূমিকাত তেওঁ ক্ষুণ্ণ হৈছিল ৷ অসমীয়া সাহিত্যৰ সমালোচকসকলৰ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা মনোভাবক চোকা ভাষাৰে ইয়াত সমালোচনা কৰা হৈছিল ৷ সময়ে কাহানিও পুৰণি কৰিব নোৱৰা আৰু গুৰুত্ব ম্লান কৰিব নোৱৰা এই প্রবন্ধটোৰ কেইটিমান নির্বাচিত অংশ তলত আগবঢ়োৱা হ’ল―
আমাৰ এদল সমালোচকৰ কাম হ’ল প্রাচীন মৃত কবিসকলৰ কোষ্ঠী ৰচনা, আন দলৰ কাম হ’ল আধুনিক কবিৰ ৰচনাত ইউৰোপীয় কবিৰ সাহিত্যৰ প্রভাৱ খুঁচৰি উলিওৱা ৷ কোন কবিয়ে শ্যেলীক নকল কৰিছে, কোনে এলিয়ট বা এজৰা পাউণ্ডক নকল কৰিছে, কোন ৰবীন্দ্রনাথৰ দ্বাৰা প্রভাৱিত হৈছে ―এইবোৰ বিচাৰৰ বাদে আন কোনো কথা নাই৷ আমাৰ কবিসকলৰো প্রত্যেকেই একোজন অসমীয়া শ্যেলী, অসমীয়া কীট্‌ছ, অসমীয়া ৰবীন্দ্রনাথ, অসমীয়া এলিয়ট ইত্যাদি ৷ কিন্তু কোনোৱেই যে নিজ অধিকাৰত অসমীয়া কবি নহয় ৷
প্রবন্ধটোৰ মাজছোৱাত বৰগোহাঞিদেৱে লিখিছে― এতিয়া প্রশ্ন হৈছে, অসমীয়া সমালোচকে মুখ খুলি কথা ক’বলৈ সাহস নকৰে কিয় প্রথম কাৰণ-সমালোচক হিচাপে নিজৰ যোগ্যতাৰ বিষয়ে তেওঁৰ বিশ্বাসৰ অভাৱ ৷

দ্বিতীয়-প্রয়োজনীয় ক্ষেত্রত আনক আঘাত কৰিবলৈ সৎ সাহসৰ অভাৱ ৷ হোমেন বৰগোহাঞিদেৱৰ ব্যক্তিত্বত সর্বদা বিৰাজমান হৈ থকা স্পষ্টতা আৰু নির্ভীকতাৰ কথা সকলোৰে জ্ঞাত৷ তেখেতৰ কথা আৰু কাম উভয়তে এই গুণবোৰে আমৰণ প্রভাৱ বিস্তাৰ কৰি গৈছিল৷ তাৰেই আধাৰত এজন আদর্শ অসমীয়া লেখকৰ ছবি এখন অংকন কৰি প্রবন্ধটোৰ শেহৰফালে তেখেতে লিখিছিল-ভীৰুতাই অসমীয়া মানুহৰ মন কোঙা কৰি ৰাখিছে ৷ চাকৰি যোৱাৰ ভয়ত তেওঁ লিখিব নোখোজে৷ আর্থিক নিৰাপত্তা হেৰুওৱাৰ ভয়ত তেওঁ মুকলি মনেৰে লিখিব নোৱাৰে৷ আনৰ তুলনাত সৰু হোৱাৰ ভয়তে তেওঁ স্বাধীনভাৱে চিন্তা কৰিব আৰু স্থৱিৰ সমাজৰ তিৰস্কাৰৰ ভয়ত তেওঁ ব্যক্তিৰ মুক্তিৰ আকাংক্ষা ব্যক্ত কৰিব নোৱাৰে, অশ্লীল বুলি নিন্দিত হোৱাৰ ভয়ত তেওঁ তিৰোতাৰ দেহৰ বর্ণনা দিব নোৱাৰে৷ তেওঁৰ হৃদয়ত পথিকৰ স্বপ্ন থাকিব৷ কিন্তু ভৰিত ভয়ৰ শৃংখল৷ ই এটা অতি পুতৌলগা দৃশ্য৷ এই ভীৰু শৃংখলিত জীৱটিয়ে কোনোদিন আত্মাৰ দুর্গম অভিযানত বাহিৰ হ’ব নোৱাৰে৷ অথচ মানৱাত্মাৰ অন্তহীন অকুতোভয় মুক্ত অভিযানেই হ’ল সাহিত্য ৷ স্মর্তব্য যে ওপৰত উদ্ধৃত বিশেষ দফাটোত থকা ভীৰুতাই অসমীয়া মানুহৰ মন কোঙা কৰি ৰাখিছে৷ চাকৰি যোৱাৰ ভয়ত তেওঁ লিখিব নোখোজে শীর্ষক কথাখিনি এই প্রবন্ধটো লিখাৰ চাৰি বছৰৰ পিছত লেখক বৰগোহাঞিদেৱৰ নিজৰ বাস্তৱ জীৱনতে প্রতিফলিত হৈছিল আৰু বৰগোহাঞিদেৱেও নিৰ্ভীকভাৱে আনক কঠোৰ সমালোচনা কৰিয়েই চৰকাৰী চাকৰিকে ইস্তফা দিছিল ৷ বৰগোহাঞিদেৱে চৰকাৰী চাকৰি ইস্তফা দি ‘সাপ্তাহিক নীলাচল’ৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিল আৰু সেই সময়লৈ ‘সাদিনীয়া নৱযুগ’ৰ প্রকাশ বন্ধ হৈছিল৷ গতিকে ‘নৱযুগ’ৰ জৰিয়তে ড০ বীৰেন্দ্রকুমাৰ ভট্টাচার্যদেৱে গঢ়ি তোলা অসমীয়া প্রগতিবাদী সাহিত্য-ধাৰাটোক তেখেতৰ বৌদ্ধিক চিন্তা-চেতনাৰ উপযুক্ত উত্তৰসূৰী বৰগোহাঞিদেৱে ‘নীলাচল’ৰ জৰিয়তে পুনৰ জীপাল কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল আৰু এই চেষ্টাত হোমেন বৰগোহাঞিদেৱ সফলো হৈছিল ৷

Leave A Reply

Your email address will not be published.