danewsplus.com
danewsplus.com

৩ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন অনুষ্ঠান

0 137

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনখন অহা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই সমাবৰ্তনত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে পৌৰহিত্য কৰিব।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰিব। সমাবৰ্তনত বিগত দুটা বছৰৰ স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমুহ প্ৰদান কৰা হ’ব। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহো প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.