danewsplus.com
danewsplus.com

পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে থাকিব বিহু

0 177

ডিজিটেল ডেস্কঃ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে থাকিব বিহু ৷ এই কথা জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ বিহু বিষয়টো সন্দৰ্ভত কিছু বিসংগতি আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় বিহুৰ ব্যৱহাৰিক পৰীক্ষা সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব ৷ ঐচ্ছিক বিষয় হিচাপে ৮৪টা বিষয় অন্তৰ্ভুক্ত হৈ আছে ৷

তাৰ ভিতৰতে এটা বিষয় বিহু ৷ ছাত্ৰ-ছাত্ৰীয়ে বিষয়টো বাছি লয় নে নলয় তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব ৷ চিকিৎসক বা ইঞ্জিনিয়াৰ হ’ব বিচৰা ছাত্ৰ এজনক বিহুৰ বিষয়ে জোৰকৈ পঢ়ুৱাব নোৱাৰি ৷ তেওঁলোকে মেথমেটিকছ পঢ়িব ৷

Leave A Reply

Your email address will not be published.