danewsplus.com
danewsplus.com

Da NEWS PLUSৰ হাতত মাজুলীৰ AJP প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ BIO DATA

0 449

ডিজিটেল ডেস্কঃ মাজলীত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বিপৰীতে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব AJPৰ চিত্তৰঞ্চন বসুমতাৰী৷ কিন্তু কোন এই চিত্তৰঞ্জন বসুমতাৰী? চাওক আমাৰ এই প্ৰতিবেদন৷

হাইফাই সমষ্টিত হাইপ্ৰফাইল যুঁজ
মাজুলীত ভুবন গাম বনাম চিত্তৰঞ্জন বসুমতাৰী
শাসকীয় পক্ষৰ হৈ ভুবন গাম
বিৰোধী পক্ষৰ হৈ চিত্তৰঞ্জন বসুমতাৰী
২০০৫ত যোগদান কৰিছিল আছুত
২০০৮ চনত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভিপতি
২০১৩ চনত আছুৰ কেন্দ্ৰীয় কমিটীত প্ৰৱেশ চিত্তৰঞ্জনৰ
২০১৭ চনত সদৌ অশম ছাত্ৰ সন্থাৰ উপ সভাপতি
লক্ষ্য : ৰাজ্যৰ জাতীয়তাবাদৰ অঞ্চলিক ৰাজনীতিক সুদৃঢ় কৰাৰ
২০২০ত অসম জাতীয় পৰিষদত যোগদান চিত্তৰঞ্জন বসুমতাৰীৰ
অসম জাতীয় পৰিষদৰ হৈ ধেমাজি বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা চিত্তৰঞ্জনৰ
৫৭০০০ ভোটাৰৰ সমৰ্থন লাভ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ

হাইফাই সমষ্টিত হাইপ্ৰফাইল যুঁজ
মাজুলীত ভুবন গাম বনাম চিত্তৰঞ্জন বসুমতাৰী

কোন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? জনতাৰ মতামত যুদ্ধলৈ সাজু হৈছে দুয়ো প্ৰাৰ্থী৷

শাসকীয় পক্ষৰ হৈ ভুবন গাম
বিৰোধী পক্ষৰ হৈ চিত্তৰঞ্জন বসুমতাৰী

পূৰ্বে চৰ্চা চলা ধৰণেই যেন সকলো হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ ভুন গামক শাসক পক্ষই মনোনীত কৰাৰ বিপৰীতে বিৰোধী পক্ষৰ সমৰ্থনত অসম জাতীয় পৰিষদে আগবঢ়াইছে প্ৰাৰ্থিত্ব৷ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ জাতীয়তাবাদী শিবিৰৰ পৰা শাসকপক্ষৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু চিত্তৰঞ্জন বসুমতাৰী৷

পিছে কোন এই চিত্তৰঞ্জন বসুমতাৰী? সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠিত নেতা হিচাপে পৰিচিত চিত্তৰঞ্জন বসুমতাৰীয়ে
২০০৫ত যোগদান কৰিছিল আছুত
আছুত যোগদান কৰিয়েই সদৌ অসম ছাত্ৰ সন্ধাৰ মজিয়াতে দ্বিতীয়খন ঘৰ হিচাপে গ্ৰহণ কৰা চিত্তৰঞ্জন বসুমতাৰীয়ে
২০০৮ চনত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভিপতি

পদ লাভ কৰে৷ নিজৰ কৰ্মদক্ষতা আৰু সাংগঠনিক দক্ষতাৰ জৰিয়তে
২০১৩ চনত আছুৰ কেন্দ্ৰীয় কমিটীত প্ৰৱেশ চিত্তৰঞ্জনৰ

২০১৩ চনত দুধনৈ অধিৱেশনত সাংগঠনিক সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদৱীত অধিষ্ঠিত হয় চিত্তৰঞ্জন বসুমতাৰী৷
২০১৭ চনত সদৌ অশম ছাত্ৰ সন্থাৰ উপ সভাপতি

পদলৈ উন্নীত হয় চিত্তৰঞ্জন বসুমতাৰী৷ বিশেষ পৰিৱেশ আৰু পৰিস্থিতিত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গঠিত হোৱা অসম জাতীয় পৰিষদৰ গুৰিবৈঠা ধৰাসকলৰ মাজৰ অন্যতম হ’ল ছাত্ৰ নেতাগৰাকী৷

লক্ষ্য : ৰাজ্যৰ জাতীয়তাবাদৰ অঞ্চলিক ৰাজনীতিক সুদৃঢ় কৰাৰ
২০২০ত অসম জাতীয় পৰিষদত যোগদান চিত্তৰঞ্জন বসুমতাৰীৰ

ৰাজ্যত জাতীয়তাবাদী ধাৰা প্ৰবাহিত কৰাৰ স্বাৰ্থত গঠিত অসম জাতীয় পৰিষদে ২০২১ চনত জড়িত হয় সংসদীয় ৰাজনীতিত৷ প্ৰথমবাৰৰ বাবে সংসদীয় ৰাজনীতিত অহা

অসম জাতীয় পৰিষদৰ হৈ ধেমাজি বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা চিত্তৰঞ্জনৰ
৫৭০০০ ভোটাৰৰ সমৰ্থন লাভ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ

কিন্তু এইবাৰ কথা অলপ সুকীয়া৷ মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্যৰ হৈ শাসকপক্ষৰ বিৰুদ্ধে ভোট যুদ্ধত নামিছে এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতা৷ এতিয়া প্ৰশ্ন হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে চিত্তৰঞ্জন বসুমতাৰীক গ্ৰহণ কৰিবনে মাজুলীবাসীয়ে? সেয়া স্পষ্ট হ’ব নিৰ্বাচনী ফলাফলতহে৷

Leave A Reply

Your email address will not be published.