danewsplus.com
danewsplus.com

মেক্সিকোৰ পথত মৃত্যু শ শ পৰিভ্ৰমী চৰাইৰ

0 260

ডিজিটেল ডেস্কঃ মেক্সিকোৰ ৰাজপথত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰাজপথত মৃত্যু হৈছে শ শ পৰিভ্ৰমী চৰাইৰ। জাকে জাকে আকাশৰ পৰা সৰি পৰিল হালধীয়া মুৰীয়া চৰাই। এই বিৰল দৃশ্য আৱদ্ধ হ’ল পথৰ কাষত থকা CCTV কেমেৰাৰ ফুটেজত।

জানিবপৰা মতে, কোনো অজ্ঞাত কাৰণতে মৃত্যুমুখত পৰিছে চৰাইজাক। চৰাইজাক মেক্সিকোৰ চিহুয়াহুয়াৰ এটা ৰাষ্টাত সিচঁৰিত হৈ থকা দেখা পোৱা গৈছিল।

এই পৰিভ্ৰমী চৰাইজাক আহিছিল নোথাৰ্ণ কানাডাৰপৰা। শীতককালত উৰা মাৰিছিল মেক্সিকোলৈ। ইফালে, অত্যাধিক প্ৰদূষণৰ বাবে এই চৰাইজাকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।

Leave A Reply

Your email address will not be published.