danewsplus.com
danewsplus.com

নিউয়ৰ্ক ফেশ্বন শ্ব’ত অসম পাট-মুগাৰ পোছাক

0 386

ডিজিটেল ডেস্কঃ নিউয়ৰ্কৰ ফেশ্বন শ্ব’ত অসমৰ পাট-মুগাৰে বোৱা পোছাক ৷ নিউয়ৰ্ক ফেশ্বন উইক-২০২২ত অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পিন্ধি ৰেম্পত খোজ দিলে মডেলে ৷ সংযুক্তা দত্তৰ এই ফেশ্বনৰ মূল থিম আছিল ‘আলফুল’৷

এই ফেশ্বন শ্ব’ত উপস্থিত থাকে ভাৰতীয় দূতাবাসৰ ভালেকেইজন শীৰ্ষ বিষয়াৰ লগতে অন্যান্য লোক৷ অভিযন্তাৰ চৰকাৰী চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনিঙৰ অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্ত ইতিমধ্যে নিজৰ সৃষ্টিৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

Leave A Reply

Your email address will not be published.