danewsplus.com
danewsplus.com

‘শিশুৰ বাবে নিৰাপদ অসম’ গঢ়াৰ প্ৰয়াসেৰে ডা নিউজ প্লাছ-ৱৰ্ল্ড ভিজনৰ সম্পাদক সন্মিলন

0 381

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা৷ সেইদৰে পৰিপুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যাও অসমত ব্যাপক হাৰত বৃদ্ধি৷ কিন্তু এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ পোৱা নাই৷ অসমত শিশু সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত সংবাদ মাধ্যমত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে দেওবাৰে ‘ডা নিউজ প্লাছ’ চেনেল আৰু ‘ৱৰ্ল্ড ভিজন, অসমে’ ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদকসকলক লৈ এখন সন্মিলন অনুষ্ঠিত কৰে৷ ‘শিশুৰ বাবে নিৰাপদ অসম’ গঢ়াৰ প্ৰয়াসেৰে ডা নিউজ প্লাছ আৰু ৱৰ্ল্ড ভিজনে লোৱা অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হয় ‘শিশুৰ নিৰাপত্তা আৰু সংবাদ মাধ্যমৰ নীতি’ শীৰ্ষক সম্পাদক সন্মিলনখন৷ সন্মিলনত অংশগ্ৰহণ কৰি ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে শিশু সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ বাবে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা যুগুত কৰাত গুৰুত্ব আৰোপ কৰে৷ এইক্ষেত্ৰত উদ্যোগ ল’বলৈও জাৰিৰ হুছেইনে উদ্যোক্তাসকলক আহ্বান জনায়৷ সন্মিলনত ভাগ লৈ সাহিত্য অকাদেমী বঁটাপ্ৰাপক তথা সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে সংবাদ মাধ্যমত শিশু সম্পৰ্কীয় বাতৰি পৰিৱেশনত সতৰ্ক হ’বলৈ সকলোকে আহ্বান জনায়৷ সাংসদ আব্দুল খালেকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শিশু আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অধিক সচেতনতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে৷ বেদব্ৰত বৰা, বিশ্বজিৎ দাস, শ্বাহজাহান তালুকদাৰ, মৃগাংক শইকীয়া, ৰাজীৱ মহন্ত, কৈলাশ চৌধুৰী, সঞ্জীৱ প্ৰকাশ বৰুৱা আদিয়েও এই সন্মিলনত বক্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ বাবে নীতি-নিৰ্দেশনা শীঘ্ৰে প্ৰস্তুত কৰি তোলাত গুৰুত্ব আৰোপ কৰে৷

বিভিন্ন সংবাদ মাধ্যমৰ ৩৫গৰাকী সম্পাদক, জ্যেষ্ঠ সাংবাদিকে এই সম্পাদক সন্মিলনত অংশগ্ৰহণ কৰি মত বিনিময় কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে ‘ডা নিউজ প্লাছ’ৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে উপস্থিত সম্পাদক-সাংবাদিকসকলক সন্মিলনলৈ আদৰণি জনায়৷ সন্মিলনখন পৰিচালনা কৰি বৰদলৈয়ে লগতে জনায় যে কৰ্মশালাখনত সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত শিশু সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা প্ৰস্তুত কৰি উলিওৱা হ’ব৷ ‘ৱৰ্ল্ড ভিজন, অসম’ৰ ৰাজ্যিক সমন্বয়ক এনাম হিলালীয়ে শিশুৰ নিৰাপত্তা সুদৃঢ় কৰাৰ লগতে ‘শিশুৰ বাবে নিৰাপদ অসম’ গঢ়ি তোলাৰ প্ৰয়াসেৰে ৰাজ্যজুৰি সংগঠনটোৱে ‘ডা নিউজ প্লাছ’ৰ সহযোগত চলোৱা অভিযানৰ কথা সদৰী কৰে৷ সংগঠনটোৱে বিভিন্ন ক্ষেত্ৰত কৰি যোৱা কৰ্মৰাজিতো হিলালীয়ে আলোকপাত কৰে৷ ‘ৱৰ্ল্ড ভিজন, অসম’ৰ এডভোকেচী কো-অৰ্ডিনেটৰ সুৰজিৎ বৰদলৈয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে শলাগৰ শৰাই আগবঢ়ায়৷

Leave A Reply

Your email address will not be published.