danewsplus.com
danewsplus.com

মানচাও জ্ঞানানন্দ ফুকনক পণ্ডিত টেঙাই মহন বঁটা প্ৰদান

0 363

ডিজিটেল ডেস্কঃ টাই ভাষাৰ গৱেষক, বুৰঞ্জীবিদ মানচাও জ্ঞানানন্দ ফুকনক পণ্ডিত টেঙাই মহন বঁটা প্ৰদান ৷ ডিব্ৰুগড়ৰ খোৱাঙৰ হালধীবাৰী বৰপথাৰ গাঁৱত প্ৰয়াত পণ্ডিত মহনৰ মৈডাম প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত টাই আহোম যুৱ পৰিষদ, অসমে প্ৰদান কৰে এই বঁটা ৷

পতাকা উত্তোলন, মৈডাম তৰ্পণ, পণ্ডিত টেঙাই মহনৰ আবক্ষ মুৰ্ত্তিত মাল্যাৰ্পন আৰু ফুৰালুঙৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ এই সভাতেই মানচাও জ্ঞানানন্দ ফুকনক প্ৰদান কৰা হয় পণ্ডিত টেঙাই মহন বঁটা ৷ এই বঁটাত আছে নগদ ১০ হাজাৰ টকা, এযোৰ চাপকন, মানপত্ৰ আৰু অন্যান্য উপহাৰ ৷

Leave A Reply

Your email address will not be published.