danewsplus.com
danewsplus.com

ৰণৱীৰৰৰ মৰম পাই উজ্বলিছে দীপিকা! দীপিকাৰ সৌন্দৰ্যৰ সমুখত নিষ্প্ৰভ অনন্যা

0 364

ডিজিটেল ডেস্কঃ বলীউডৰ নতুন ছবি ‘গেহেৰাইয়া’ত দুটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণ আৰু অনন্যা পাণ্ডেই৷বয়সত প্ৰায় ১৩ বছৰৰ ব্যৱধান অভিনেত্ৰী দুগৰাকীৰ।কিন্তু ৰূপ লাৱণ্যৰে সৌন্দৰ্যৰ ৰাণী দীপিকাৰ সমুখত যেন নিষ্প্ৰভ নৱাগত অভিনেত্ৰী অনন্যা৷বিবাহৰ পিছতো ম্লান পৰা নাই দীপিকাৰ সৌন্দৰ্য। ৰণৱীৰ সিঙৰ মৰমেৰেই উজ্বলাই তুলিছে নেকি দীপিকাক? অনুৰাগী সকলৰ মাজত এয়া এক ডাঙৰ উৎকণ্ঠা।

নতুন ছবি ‘গেহেৰাইয়া’ৰ প্ৰমোচনৰ বাবে অভিনেত্ৰী দীপিকা পাডুকণ আৰু অনন্যা পাণ্ডে বৰ্তমান সাংঘাতিক ব্যস্ত৷ আগশাৰীৰ ফেশ্বন ডিজাইনাৰৰ বিশেষ পোছাকেৰে প্ৰতিটো প্ৰমোচনত ধৰা দিছে দুয়ো৷ কিন্তু সাংবাদিক, ফটোগ্ৰাফাৰৰ কেমেৰা প্ৰথমে গৈছে দীপিকাৰ ফালেহে৷ ৩৬ বছৰীয়া দীপিকাৰ সৌন্দৰ্যৰ সমুখত ছাংকী তনয়া মোহময়ী অনন্যাৰ সৌন্দৰ্য যেন ম্লানহে পৰিল৷ ছবিখনৰ প্ৰমোচনলৈ যোৱা দুই অভিনেত্ৰীৰ মাজৰ দীপিকাক লৈহে সকলোৰে মাজত উৎকণ্ঠা৷ ছুইমছুইট ডিজাইনৰ নীলা টপ আৰু ট্ৰেকপেণ্ট ডিজাইনৰ জিনছ পৰিহিত দীপিকা যেন অনন্যাৰ সমুখত ধৰা দিছিল ২০-২০ বছৰীয়া যুৱতীৰ দৰে৷ অৱশ্যে নৱাগত অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যও কোনোগুণে কম নাছিল৷ ক’লা ক্ৰপটপ, গেৰুৱা পেণ্ট পিন্ধি অহা অনন্যাৰ সৌন্দৰ্যও বন্দী কৰাত ব্যস্ত হৈ পৰিল ফটোগ্ৰাফাৰসকল৷ কাৰ্যতঃ ছবিখনৰ প্ৰমোচনলৈ অহা দুই অভিনেতা সিদ্ধান্ত চতুৰ্বেদী আৰু ধৈৰ্য কাৰৱাক লৈ যেন কাৰোৰে আহৰি নাই৷

Leave A Reply

Your email address will not be published.