danewsplus.com
danewsplus.com

ৰাষ্ট্ৰপতিৰ শয্যাসংগী পৰ্ণষ্টাৰৰ নতুন অধ্যায়, আকৌ জোকাৰণি তুলিছে এই খবৰে…

0 320

ডিজিটেল ডেস্ক: এটা সময়ত ৰাষ্ট্ৰপতিৰ সৈতে থকা শাৰীৰিক সম্পৰ্কৰ বাবে এইগৰাকী পৰ্ণষ্টাৰে পৃথিৱী কঁপাইছিল। শেহতীয়াকৈ আন এটা খবৰে ধুমুহাৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে।

এসময়ত তেওঁ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ শয্যাসংগী হিচাপে হোৱাইট হাউছত ধুমুহাৰ সৃষ্টি কৰিছিল। আদালতৰো দ্বাৰস্থ হৈছিল পর্ণষ্টাৰ ষ্টর্মী ডেনিয়েলে। সেইগৰাকী পৰ্ণষ্টাৰেই আকৌ আন এটা খবৰৰ বাবে আমেৰিকাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ অৱশ্যে যৌন কেলেংকাৰী নহয়, এইবাৰ প্রতাৰণাৰহে গোচৰ।

ট্রাম্পৰ সৈতে তেওঁৰ শাৰীৰিক সম্পর্কক লৈ ষ্টর্মী ডেনিয়েলে লিখি উলিয়াইছিল ‘ফুল ডিছক্ল’জাৰ’ নামৰ গ্ৰন্থখন। এই কিতাপখনক লৈয়েই এইবাৰ সৃষ্টি হৈছে বিতৰ্কৰ। ষ্টর্মীৰ অভিযোগ আছিল, সেই কিতাপখন বিক্রী কৰি পোৱা প্রায় ২ কোটি টকা হৰলুকি কৰিছে তেওঁৰেই আইনজীৱী মাইকেল এভেনাটিয়ে। অভিযোগ অনুসৰি চহী জাল কৰি এনে প্রতাৰণা কৰিছে মাইকেলে।

ষ্টর্মী ডেনিয়েলে ইতিমধ্যে গোচৰটোত জয়লাভ কৰিলে। এভেনাটিক দোষী সাব্যস্ত কৰিলে নিউইয়র্কৰ আদালতে। আমেৰিকাত মূলতঃ তাৰকাৰ আইনজীৱী হিচাপেই পৰিচিত এভেনাটি। মাথোঁ ষ্টর্মীয়েই নহয়, আৰু বহু তাৰকাই এভেনাটিৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগ তুলিছে। প্ৰতাৰণা কৰাৰ ধনৰ পৰিমাণ প্রায় ১ কোটি মাৰ্কিন ডলাৰ।

গোচৰত জয়লাভৰ পাছত ষ্টর্মীয়ে প্ৰকাশ কৰে যে, ‘মই জানোঁ মই টকা ওভতাই নাপাওঁ। কিন্তু তেওঁক উচিত শিক্ষা দিয়াৰ দৰকাৰ আছিল।’’

উল্লেখ্য যে, ২০০৬ চনত ষ্টর্মী-ট্রাম্প ধুমুহাৰ আৰম্ভণি হৈছিল। সকলো ঘটনা সামৰি লিখা ‘ফুল ডিছক্ল’জাৰ’ গ্ৰন্থত ষ্টর্মীয়ে জনায়, কেলিফর্নিয়াৰ লেক টাহোত এখন গ’ল্ফ টুৰ্ণামেণ্টত প্ৰথমবাৰলৈ ট্ৰাম্পক লগ পাইছিল তেওঁ। ট্রাম্প তেতিয়া আছিল টিভিৰ এটা ৰিয়েলিটী শ্ব’ৰ তাৰকা। ষ্টৰ্মীক প্রথমে নৈশভোজৰ বাবে নিমন্ত্রণ পঠায় ট্রাম্পৰ এজন দেহৰক্ষীয়ে। ভোজপর্বৰ পাছত ট্রাম্পৰ পেণ্টহাউছত শাৰীৰিক সম্পৰ্ক আৰম্ভ। তাৰ পাছৰখিনি ইতিহাস…

Leave A Reply

Your email address will not be published.