danewsplus.com
danewsplus.com

ৰণবীৰৰ মুখত হাঁহি ! আলিয়াই সানিব মাহ হালধি

0 379

ডিজিটেল ডেস্কঃ বলীউডত উঠিছে এতিয়া বিয়াৰ উজান। শেহতীয়াকৈ বহু চৰ্চিত ভিকী কৌশল-কেটৰিনা কাঈফ আৰু ৰাজকুমাৰ ৰাও-পত্ৰলেখাৰ বিবাহৰ পাছত এতিয়া চৰ্চালৈ আহিছে আন এক জনপ্ৰিয় যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিবাহ।

জানিবপৰা মতে, ৰণবীৰ-আলিয়াৰ বিবাহ অনুষ্ঠান এই বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি দম্পতিহালে ৰানথাম্বৰত বিবাহ পাশত আৱদ্ধ হবলৈ সাজু হৈছে।
ইতিমধ্যে তেওঁলোকৰ বিবাহৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। প্ৰতিবেদন অনুসৰি, তেওঁলোকে বিবাহৰ বাবে ৰাজস্থানৰ ৰানথাম্বৰ নিৰ্বাচন কৰিছে, কিয়নো, ৰানথাম্বৰতে তেওঁলোকে আটাইতকৈ বেছি টিকাকৰন কৰিছে আৰু তেওঁলোক দুয়োৰে প্ৰিয় ঠাই।

কিন্তু, আন এক প্ৰতিবেদন অনুসৰি ৰণবীৰ-আলিয়াই তেওঁলোকৰ পৰিয়াল আৰু অন্তৰংগ বন্ধুৰ উপস্থিতত মুম্বাাইতে বিবাহ কাৰ্য সম্পন্ন কৰাৰ কথা চৰ্চালৈ আহিছে। তেওঁলোক দুয়োজনেই আড়ম্বৰপূৰ্ণ বিবাহ নিবিচাৰে।
এতিয়া ৰণবীৰ-আলিয়াৰ বিবাহ কত অনুষ্ঠিত হব তাক লৈ তেওঁলোকৰ অনুৰাগীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.