danewsplus.com
danewsplus.com

অসমীয়া সংগীত জগতলৈ লতা মংগেশকাৰৰ অৱদান

0 572

ডিজিটেল ডেস্কঃ এক যুগৰ অৱসান। ৬ ফেব্ৰুৱাৰীত লতা মংগেশকাৰৰ দেহাৱসানৰ লগে লগে ইতি পৰিল এক সোণালী অধ্যায়ৰ। ৯২ বছৰীয়া জীৱন কালত লতাজীয়ে ৩৬টা ভাষাত ৫০,০০০ গান গাইছিল, পৃথিৱীৰ সকলো সংগীত শিল্পীৰ বাবে ই এক অভিলেখ। ১৯৬০ চনৰ পৰা ২০০০ চনলৈ এটা সময় আছিল, যেতিয়া লতা মংগেশকাৰৰ কণ্ঠস্বৰ অবিহনে চিনেমা অসম্পূৰ্ণ বুলি গণ্য কৰা হৈছিল। লতাৰ কণ্ঠস্বৰে নিশ্চিত কৰিছিল যে গানবোৰ হিট হ’বই। ২০০০ চনৰ পৰা খুব কমসংখ্যক নিৰ্বাচিত চলচ্চিত্ৰতহে গীত গাইছিল লতাজীয়ে। লতাই অন্তিম গীত গাইছিল ২০১৫ চনৰ ‘ডুনো ৱাই’ চলচ্চিত্ৰত। প্ৰায় ৮০ বছৰ ধৰি সংগীত জগতত সক্ৰিয় হৈ থকা লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত। ১৯৮২ চনত ১৩ বছৰ বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছিল তেওঁ। লতাজীৰ দেউতাক দীননাথ মংগেশকাৰ সংগীত আৰু মাৰাঠী থিয়েটাৰ জগতৰ এক পৰিচিত নাম আছিল। দেউতাকেই লতাজীক সংগীত শিকাইছিল।
কোকিলকণ্ঠী লতা মংগেশকাৰে অসমীয়া সংগীত জগতলৈও অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে। কেইবাখনো অসমীয়া ছবিত গীত গাইছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা, কথা আৰু সুৰ ব্যৱস্থাপনাৰে সেই সময়ত এনে অসংখ্য ছবিৰ বাবে লতাজীয়ে কালজয়ী বহু গীত গাইছিল। ভাৰতৰত্ন ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা অসমীয়া বোলছবি ‘এৰা বাটৰ সুৰ’ত ১৯৫৬ চনতেই লতাজীয়ে গাইছিল এটি কালজয়ী গীত। সেই গীতটি আছিল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি…’। ‘মই অধাই জলধিৰ মাজলৈ’ আৰু ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ গীতত লতাজীয়ে কণ্ঠদান কৰি উপহাৰ দি থৈ গৈছে অসমবাসীক। লগতে ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক গীততো কণ্ঠ নিগৰাইছিল চিৰনমস্য লতা মংগেশকাৰে। আনহাতে, অপৰাজেয় ছবিখনত শনি তালুকদাৰে ৰচনা কৰা ‘আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া’ গীতটো পৰিবেশন কৰিছিল।

Leave A Reply

Your email address will not be published.