danewsplus.com
danewsplus.com

‘পুষ্পা’ক নকল কৰি বিপদত এজন যুৱক

0 360

ডিজিটেল ডেস্কঃ চৰ্চাৰ শীৰ্ষত পুষ্পা। ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশতো জনপ্ৰিয়তা লাভ কৰিছে দক্ষিণ ভাৰতৰ বোলছবি পুষ্পাই। আল্লু অৰ্জুনৰ অভিনয়ে যথেষ্ঠ সমাদৰ লাভ কৰিছে দৰ্শকৰ মাজত। পুষ্পাৰ হিট গান শ্ৰীভল্লীত আল্লু অৰ্জুনৰ নৃত্যৰ ভংগীমা সৰ্বত্ৰে চৰ্চা। নৃত্যৰ ভংগীমা ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি বলীউড চেলিব্ৰেটী তথা ক্ৰিকেটাৰেও আল্লু অৰ্জুনৰ নৃত্য ভংগীমাত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু নৃত্য ভংগীমাই নহয়, ‘পুষ্পা’ৰ প্ৰতিটো অভিনয়ে যেন অনুকৰণ কৰিছে অনুৰাগীসকলে । শেহতীয়াকৈ ‘পুষ্পা’ ছবিখনত দেখুৱাৰ দৰে ৰঙা চন্দন স্মাগলিঙৰ হুবহু পৰিকল্পনা কৰি এজন যুৱক ধৰা পৰিল আৰক্ষীৰ জালত।

এই ঘটনা মহাৰাষ্ট্ৰৰ। ‘পুষ্পা’ ছবিত দেখুৱাৰ দৰে আৰক্ষীৰ চকুত ধূলি দি আল্লু অৰ্জুনৰ দৰেই কৌশল অৱলম্বন কৰিছিল। কিন্তু মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ইয়াছিন ইনায়াতুল্লাহ নামৰ এজন যুৱক। যুৱক জনে পাহৰি গৈছিল “ৰিল লাইফ আৰু ৰিয়েল লাইফৰ কথা”।

পেছাত এজন ড্ৰাইভাৰ যুৱকজনে এখন গাড়ীত প্ৰায় ২ কোটি ৪৫ লাখ টকা মূল্যৰ ৰঙা চন্দন তলত থৈ তাৰ ওপৰত ফলমূলৰ বাকচ ৰাখি কৰ্ণাটকৰ পৰা মহাৰাষ্ট্ৰলৈ আনি থকা অৱস্থাত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ছাংগ্লী সীমাত ধৰা পেলায়। বৰ্তমান চন্দনৰ ট্ৰাকসহ মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে ইয়াছিন ইনায়াতুল্লাহ। এই ঘটনাই এতিয়া দেশজুৰি যথেষ্ট আমোদৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.