danewsplus.com
danewsplus.com

বাগদাদ বিমান বন্দৰত সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণ

0 366

ডিজিটেল ডেস্কঃ ইৰাকৰ বাগদাদ বিমান বন্দৰত পুনৰ ৰকেট আক্ৰমণ ৷ সন্ত্ৰাসবাদীৰ দলে ৬ টা ৰকেটেৰে আক্ৰমণ চলালে বাগদাদ আন্তৰ্জাতিক বিমানবন্দৰত ৷ এই ৰকেটে আঘাত হানিলে বিমানবন্দৰটোৰ বিভিন্ন স্থানত ৷ ক্ষতিগ্ৰস্ত হ’ল ইৰাক এয়াৰৱেজৰ এখন ব’য়িং-767 বিমানৰ ৷

মেৰামতিৰ বাবে বিমানবন্দৰটোত ৰখাই থোৱা হৈছিল এই বিমানখন ৷ সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই ৷ কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ইৰান সমৰ্থিত সন্ত্ৰাসবাদী গোট এই আক্ৰমণত জড়িত থকাৰ সন্দেহ কৰিছে আমেৰিকাই ৷

Leave A Reply

Your email address will not be published.