danewsplus.com
danewsplus.com

স্কাইলেণ্ড ৰিজ’ৰ্ট ঘটনা সন্দৰ্ভত আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ

0 87

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ স্কাইলেণ্ড ৰিজ’ৰ্টৰ ঘটনা সন্দৰ্ভত আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰা হ’ব৷ ২৬ জানুৱাৰীত ৰিজৰ্টখনত পাৰাগ্লাইডিং কৰোঁতে প্ৰাণ হেৰুৱাইছিল পংকজ গগৈ নামৰ এজন যুৱকে৷ বিভিন্ন সংগঠনে এই ঘটনাৰ লগতে ৰিজ’ৰ্টখনৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰাৰ পিছত তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতিক ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয়৷

আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব সাক্ষ্য গ্ৰহণ৷ প্ৰতক্ষ্যদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব তদন্তকাৰী দলে৷ বৰ্তমান পলাতক অৱস্থাত আছে স্কাইলেণ্ড ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী সঞ্জয় দাস আৰু প্ৰসন্ন দাস৷

Leave A Reply

Your email address will not be published.