danewsplus.com
danewsplus.com

কি হ’ব এইবাৰৰ সৰস্বতী পূজা? পূজা অনুষ্ঠিত হ’ব নে নহয়?

0 128

ডিজিটেল ডেস্কঃ সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৷ পূজা অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাত শিক্ষা প্ৰতিষ্ঠানসমূহ ৷ কাৰণ দেশৰ লগতে ৰাজ্য়তো দ্ৰুত গতিত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। চিকিৎসক সকলে বাৰে বাৰে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰি আহিছে । এনে পৰিস্থিতত এইবাৰৰ সৰস্বতী পূজা অনুষ্ঠিত হ’ব নে নহ’ব তাক লৈ এতিয়া অনিশ্চয়তাত শিক্ষা প্ৰতিষ্ঠানসমূহ। সকলোৱে এতিয়া অপেক্ষা কৰিছে ক’ভিডৰ নতুন SOPলৈ ৷

সৰস্বতী পূজালৈ যিমানে দিন চমু চাপিছে, সিমানেই বাঢ়িছে ব্যস্ততা। সৰস্বতী পূজাক লৈ ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰো। অৱশ্যে অন্য শিক্ষা প্ৰতিষ্ঠানসমূহৰ লগতে কটন বিশ্ববিদ্যালয়, বি বৰুৱা, সন্দিকৈ মহাবিদ্যালয় এতিয়াও নিশ্চিত হোৱা নাই পূজা অনুষ্ঠিত কৰা নকৰাটো।

Leave A Reply

Your email address will not be published.