danewsplus.com
danewsplus.com

ৰাজ্যত ২৪ ঘণ্টাত ক’ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস

0 463

ডিজিটেল ডেস্ক: ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ হাৰ কিছু পৰিমাণে হ্ৰাস পালেও এতিয়াও বিৰাজ কৰিছে উদ্বেগজনক পৰিৱেশে৷ সোমবাৰৰ দিনটোত ৰাজ্যত ১৮গৰাকী ক’ৰোনা আক্ৰান্তৰ মৃত্যু ঘটিছে৷ ইফালে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে ক’ভিডৰ নতুন SOP৷

ৰাজ্যত ২৪ ঘণ্টাত ক’ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস। সোমবাৰে ৰাজ্যত নতুনকৈ আক্ৰান্ত ৫,৯০২গৰাকী। সোমবাৰে সংক্ৰমণৰ হাৰ ১০.৪৪ শতাংশ। দেওবাৰে সংক্ৰমণৰ হাৰ আছিল ১২.১৬ শতাংশ। নতুনকৈ আক্ৰান্তসকলৰ ১,০৪৪গৰাকী কামৰূপ মেট্ৰ’ৰ।

দিনটোত ৫৬,৫১৯গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন। ২৪ ঘণ্টাত সুস্থতাৰ হাৰ ৯২.৫৯ শতাংশ।GMCHত ভৰ্তি ২৪২গৰাকী লোক
সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত ৪০গৰাকী। ২১গৰাকী ICUত চিকিৎসাধীন, শিশু ৱাৰ্ডত ভৰ্তি ৮টি শিশু।

ইপিনে, সকলোকে ভেকচিন ল’বলৈ আহ্বান অভিজিৎ শৰ্মাৰ। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন।
নিশা ৯ বজালৈ খুলিব পাৰিব বাণিজ্যিক প্ৰতিষ্ঠান।

দুপালি ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত অনুমতি। ভেকচিন নোলোৱাসকল উপস্থিত থাকিব নোৱাৰিব কাৰ্যালয়ত।
বেতনবিহীন ছুটীত থাকিব লাগিব ভেকচিন নোলোৱাসকল।

আনফালে, এইবাৰ সীমিতভাৱে পালন কৰিব লাগিব গণৰাজ্য দিৱসৰ কাৰ্যসূচী। ৰাষ্ট্ৰীয় পতাকা উত্তোলন, অতিথিৰ ভাষণতে থাকিব সীমাবদ্ধ। গণৰাজ্য দিৱসত পেৰেডৰ অনুমতি সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণী নাথাকিব গণৰাজ্য দিৱসত।

Leave A Reply

Your email address will not be published.